অসম

উৎকট গৰমত প্ৰাণ গ’ল অসমৰ তিনিগৰাকী তীৰ্থযাত্ৰীৰ

প্ৰথম খবৰ,কাজলগাঁও: Astha Circuit Special Train for North India Express, Guwahati-Kamakhya ট্ৰেইনখনে যোৱা ১১ মে’ তাৰিখে অসম তথা পশ্চিমবংগৰপৰা লৈ যোৱা তীৰ্থ যাত্ৰীক যমৰ যাতনা ভোগাইছে। যোৱা তিনিদিনে তীৰ্থ যাত্ৰীকসকলক ট্ৰেইনখনত পানী যোগান নধৰাৰ অভিযোগ। কালি দিল্লী আগ্ৰাৰপৰা ওভতনি যাত্ৰাৰ সময়ত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। যাত্ৰীসকলে ট্ৰেইনখন ষ্টেছনত ৰখাই পানী বিচাৰি প্ৰতিবাদ কৰে। ৫০-৫৫ ডিগ্ৰী ছেলচিয়াছৰ উৎকট গৰম সহ্য কৰিব নোৱাৰি বহু লোক অসুস্থ হৈ পৰাৰ লগতে তিনিজন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে ৷ তেওঁলোকক ক্ৰমে ডিব্ৰুগড়ৰ ৰুণুমী হাজৰিকা, গুৱাহাটী পাণ্ডুৰ বিনয় কুমাৰ গুইন আৰু বাইহাটা চাৰিআলিৰ উপেন দাস বুলি জানিব পৰা গৈছে ৷

Related Articles

Leave a Reply

Close