অসম

এমাহৰ ভিতৰত জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি, মঙলদৈত শুক্ল্যবৈদ্যৰ ঘোষণা

প্ৰথম খবৰ, মঙলদৈ: দৰং জিলাৰ মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো য়াতায়তৰ বাবে একেবাৰে অনুপযোগী হৈ পৰাৰ সময়তে আৰু বিভিন্ন সময়ত দল-সংগঠনসমূহে প্ৰতিবাদ কৰি অহাৰ পিছতেই শুক্ৰবাৰে উপস্থিত হয় গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্য।পথৰ পৰিৱৰ্তে একপ্ৰকাৰ পুখুৰীলৈ পৰিণত হোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো পৰিদৰ্শন কৰি বিভাগীয় বিষয়াসকলৰ লগত এক আলোচনাত মিলিত হয় মঙলদৈ আৱৰ্ত ভৱনত। পিছত সাংবাদিকৰ লগত হোৱা কথা বতৰাত বতৰ ভাল হলে কাম আৰম্ভ হ’ব বুলি গা এৰা মন্তব্য দিয়া পৰিলক্ষিত হয়। সেয়ে এতিয়া বতৰেই যেন শেষ ভৰষা সাধাৰণ জনতাৰ। লগতে কাম নকৰা ঠিকাদাৰৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰো হুংকাৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।

Related Articles

Leave a Reply

Close