অসম

কলগাছিয়াৰ বিদ্যালয়ত চোৰৰ চাফাই অভিযান: লুটি নিলে দুটাকৈ CCTV কেমেৰা

প্ৰথম খবৰ, মইনবড়ী: ‘বেজৰ নাকত খৰ’। বালিকুৰি আৰক্ষী নিৰীক্ষণ চকীৰ গাতে লাগি থকা বালিকুৰি উচ্চতৰ মাধ্যমিক বিদ্যলয়ত যোৱা নিশা চোৰে চাফাই অভিযান চলাই দুটাকৈ চি চি টিভি কেমেৰা চুৰি কৰি লৈ যোৱা ঘটনাই অঞ্চলব্যাপী চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা দুদিন ধৰি অঞ্চলটোত বিদ্যুৎ সেৱা ব্যাহত হৈ থকাৰ সুযোগতে চোৰে এই কাণ্ডটো সংঘটিত কৰিলে বুলি বিদ্যালয়ৰ অধ্যক্ষই মন্তব্য কৰিছে। ঘটনা সন্দৰ্ভত ইতিমধ্যেই অধ্যক্ষই বালিকুৰি আৰক্ষী চকীত এটি গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বেও শিক্ষানুষ্ঠানটোত চাৰিবাৰ সংঘটিত হৈছিল চুৰি। উল্লেখ্য যে, যোৱা বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাৰ সময়ত অনুষ্ঠানটোত ৯ খনকৈ ছি ছি কেমেৰা লগোৱা হৈছিল যদিও বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ কথা চিন্তা কৰি কেমেৰা সমূহ স্থায়ী ভাৱে লগাই থোৱা হৈছিল। কিন্তু যোৱা নিশাত বালিকুৰি আৰক্ষী নিৰীক্ষণ চকীৰ গাতে লাগি থকা এইখন শিক্ষানুষ্ঠানৰ পৰা চোৰে দুটা চি চি কেমেৰা লোট কৰাত ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে। অনুষ্ঠানটোত ঘণে ঘণে চুৰি হোৱা কাণ্ডই উদঙাই দিছে আক্ষীৰ প্ৰকৃত স্বৰূপ।

Related Articles

Leave a Reply

Close