অসম

কলগাছিয়াত পুনৰ PAC 837 হাইব্ৰিড ধানৰ বীজ কোম্পানীৰ ৰাম টাঙোন ইৰি ধান খেতিয়কক

প্ৰথম খবৰ, মইনবড়ী:  বৰপেটা জিলাৰ কলগাছিয়া আৰু বাঘবৰ ৰাজহ চক্ৰ এলেকাত যোৱা বছৰ ৩৮ খন গাঁৱৰ কৃষকৰ হাইব্ৰিড ইৰি ধান খেতিত পতানহৈ ক্ষতিগ্ৰস্ত হৈছিল। পুনৰ PAC 837 হাইব্ৰিড ধানৰ বীজ কোম্পানীৰ ৰাম টাঙোন ইৰি ধান খেতিয়কক। কলগাছিয়া কৃষি চাৰ্কুলৰ মনোকচা, দেউকুৰা, বিলৰটাৰী, কলগাছিয়া, দাৱনদিয়া, গুনিয়ালগুৰি আদিকৰি ৮০ খন গাওঁৰ ইৰি ধান খেতিয়কে PAC 837 হাইব্ৰিড ধানৰ বীজ ৰোপন কৰিছিল যদিও ধানৰ পৰিৱৰ্তে পতান ওলোৱাত কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। বিঘাই বিঘাই খেতিত ওলাইছে পতান। ফলত আজি ৰাতিপুৱা কলগাছিয়াৰ বিলৰটাৰীত এইদৰে শতাধিক কৃষিজীৱি পুৰুষ মহিলাই ক্ষুব্ধহৈ কৃষি মন্ত্ৰী অতুল বৰাৰ প্ৰতিমূৰ্তি দাহ কৰে আৰু পতান হোৱা ধাননিত অগ্নি সংযোগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ঋণলৈ ইৰিধান খেতি কৰি সৰ্বহাৰা হোৱা কৃষকে আবেগত অতুল বৰাক জ্বলাই দিয়াৰো ভাবুকি প্ৰদান কৰিছে এইসকল কৃষকে। মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিৰ অৱস্থা দেখি কান্দোনত ভাঙি পৰাৰ লগতে আত্মহত্যাৰ ভাবুকি প্ৰদান কৰিছে খেতিয়কে। কৃষক সকলৰ তেজপিয়া এডভাণ্টা ধানৰ বীজ কোম্পানীটোক নিষিদ্ধ কৰাৰ লগতে উচিত ক্ষতিপুৰণৰ দাবী জনাইছে এইসকল দুৰ্ভোগীয়া কৃষক সকলে। উল্লেখ্য যে খেতিয়ক সকলে এইদৰে ক্ষতিগ্ৰস্ত হোৱাৰ পিছতো গ্ৰাম সেৱক বা বৰপেটা জিলাৰ কৃষি বিষয়াৰ লগতে কোনো মন্ত্ৰী বিধায়ক সকলেও কৃষকৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে।

Related Articles

Leave a Reply

Close