অসম

কাইলৈ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত ‘মত বিনিময় অনুষ্ঠান’

প্ৰথম খবৰ, চিলাপথাৰ: ঐতিহ্যমণ্ডিত ধেমাজি জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ে সাহিত্য তথা সাংস্কৃতিক অনুষ্ঠানৰ উপৰিও বিভিন্ন সময়ত বিভিন্ন অগতানুগতিক অনুষ্ঠান আয়োজন কৰি আহিছে। ইয়াৰোপৰি পৰিৱেশ, প্ৰকৃতি তথা বিভিন্ন বিপন্ন আৰু লুপ্তপ্ৰায় উদ্ভিদ সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে । জিলাখনত বৰ্তমানেও বিৰাজমান বিভিন্ন প্ৰজাতিৰ ধানৰ সংগ্ৰহ আৰু সংৰক্ষনক গুৰুত্ব প্ৰদান কৰি উদ্ভিদ বিজ্ঞান বিভাগৰ ছাত্ৰ- ছাত্ৰীসকলৰ সৌজন্যত ৰাইচ বেংকো স্থাপন কৰি তুলিছে। শেহতীয়াভাৱে প্ৰাণীবিজ্ঞান বিভাগৰ উদ্যোগত আলংকৰিক মাছৰ সংৰক্ষণৰ বাবে একুৰিয়াম স্থাপন কৰা দেখিবলৈ পোৱা গৈছে। লগতে এখন সুস্থ, সবল, নিকা আৰু মূল্যবোধসম্পন্ন সমাজ প্ৰতিষ্ঠাৰ কাৰণে শিক্ষাৰ লগতে অন্যান্য সামাজিক কামত নিয়োজিত হৈ অগ্ৰণী ভূমিকা পালন কৰা মহাবিদ্যালয়ে প্ৰকৃতি আৰু জৈৱ- বৈচিত্ৰতাৰ বুকুত ধেমাজিৰ গৌৰৱ জোনাইস্থিত পবা বৰ্ষাৰণ্যৰ জীৱন সত্বাক অক্ষুণ্ণ ৰক্ষাৰ স্বাৰ্থত প্ৰতিবছৰে মহাবিদ্যালয়ৰ প্ৰতীক চিহ্ন সন্নিবিষ্ট কৰি একমানবিশিষ্ট পোছাক প্ৰস্তুত কৰাৰ উপৰি THINK SCIENTIFICALLY, ACT SCIENTIFICALLY… আৰু SAVE POBA, SAVE NATURE.. আদি শ্লোগান লিপিবদ্ধ কৰি সমৃদ্ধিশালী জৈৱ বৈচিত্ৰ্যৰ ভৰাঁল পবা বৰ্ষাৰণ্যক সংৰক্ষণৰ বাবে বিভিন্ন প্ৰকাৰে প্ৰচাৰ কৰাৰ উপৰি বিশেষ ভূমিকা পালন কৰা দেখা গৈছে। অহা কাইলৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ‘মত বিনিময় অনুষ্ঠান’ ৰ আয়োজন কৰা হৈছে। পুৱা বন্তি প্ৰজ্বলনেৰে আৰম্ভ হ’ব লগা অনুষ্ঠানটো আঁত ধৰিব মহাবিদ্যালয়ৰ প্ৰবক্তা জোনটি সোনোৱালে। পৰৱৰ্তী সময়ত আদৰণি ভাষণ, মত বিনিময় অনুষ্ঠান, সম্বৰ্দ্ধনা অনুষ্ঠান, অৰণ্য মানৱ যাদৱ পায়েংৰ জীৱনভিত্তিক তথ্যচিত্ৰ প্ৰদৰ্শন, বৃক্ষৰোপণ কাৰ্যসূচী আৰু চিলাপথাৰৰ প্ৰকৃতিপ্ৰেমী সংগঠন গ্ৰ’ গ্ৰীণৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব বুলি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰঞ্জিত শইকীয়াই জানিবলৈ দিয়ে। মহাবিদ্যালয়ে জিলাখনৰ সমূহ ছাত্ৰ- ছাত্ৰীৰ লগতে ৰাইজৰ উপস্থিতি কামনা কৰিছে।

Related Articles

Leave a Reply

Close