অসম

কাকপথাৰ বন বিষয়াৰ কাৰ্য্যালয়ত নাই গাড়ী চালক: চালক আৰু তেলৰ নামত অবৈধ গাড়ীৰ পৰা লয় ধন

প্ৰথম খবৰ, কাকপথাৰ: ডুমডুমা বন সংমণ্ডলৰ অধীনৰ কাকপথাৰ বন বিষয়াৰ কাৰ্য্যালয়ত স্থায়ী গাড়ী চালক নথকা আৰু চৰকাৰে তেল যোগান নিদিয়াৰ অজুহাতত শিল ভৰ্তি ট্ৰাকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ আহি পৰিছে ৷ উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰে চাৰি পাঁচখনকৈ বনাঞ্চলৰ দায়িত্বত থকা কাৰ্য্যালয়টোত চালক নিযুক্তি নিদিয়াৰ লগতে তেল যোগান নধৰাত ৰাজ্য চৰকাৰৰ ফোপোঁলা স্বৰূপটো উদঙাই দিছে ৷ লক্ষণীয়ভাৱে চালক আৰু গাড়ী তেলৰ বাবে কাৰ্য্যালয়টোৰ কৰ্মচাৰী সকল নামী পৰিছে অবৈধভাবে ধন সংগ্ৰহত ৷ অৰুণাচল প্ৰদেশৰ পৰা অহা প্ৰতিখন শিল ভৰ্তি ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰি চৰকাৰে ঘোষণা কৰা অবৈধ ধন সংগ্ৰহ বন্ধ ব্যৱস্থাটোক এক প্ৰকাৰ ভেঙুচালি কৰা দেখা গৈছে ৷ চৰকাৰে অনতিপলমে চালক নিযুক্তি দিয়াৰ লগতে তেল যোগান ধৰি অবৈধ ধন সংগ্ৰহৰ ব্যৱস্থাটো ইতি পেলাবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close