অসম

কাজিৰঙাত বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ গুৰুত্বপূৰ্ণ মন্তব্য

প্ৰথম খবৰ,কাজিৰঙা,২০মে: মন্ত্ৰীত্ব মোৰ পৈত্ৰিক সম্পত্তি নহয় ৷ নেতৃত্বই বিচাৰিলে মই মোৰ পদ এৰিবলৈ সাজু ৷ কাজিৰঙাত শনিবাৰে এই মন্তব্য বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ ৷ আনহাতে হাতত লোৱা কামত প্ৰকৃতিয়ে বাধাৰ সৃষ্টি কৰাৰ বাবে ভাগ্যক ধিয়াই বন মন্ত্ৰীয়ে কয় যে তেঁও প্ৰায়চিত্ত কৰিব লাগিব ৷ কাজিৰঙাত হাইলেণ্ড নিৰ্মানৰ কাম আৰম্ভ কৰোতেই বতৰৰ বিধি পথালিৰ বাবে কাম কৰিব নোৱাৰাত মন্ত্ৰী গৰাকীৰ এই মন্তব্য ৷ মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিৰ্দেশনাক বন বিভাগে অস্ত্ৰ হিচাবে লৈ কাম কৰি যাব ৷ জখলাবন্ধাতআটকাধীন চেলফি লোৱা চোৰাং চিকাৰীক ধমক দিয়াৰ কথাও তেঁও উল্লেখ কৰে ৷

Related Articles

Leave a Reply

Close