অসম

কামপুৰত পৌৰাণিক যুগৰ মূৰ্তি উদ্ধাৰ


প্ৰথম খবৰ,কামপুৰ: নগাওঁ জিলাৰ কামপুৰৰ কাৱৈমাৰী গাৱত ১৯৫৯ চনৰ ১১ ফেব্ৰুৱাৰীত কেইজনমান লোকে খননকাৰ্য চলাওতে বোকাৰ মাজত পোত গৈ থকা এটা শিলত এটি চতুৰ্ভূজ বিষ্ণু মূৰ্তি উদ্ধাৰ হয়। মূৰ্তিটোৰ ওখ ৩ফুট ৫ ইঞ্চি। ঠাই খনৰ নাম পূৰ্বে দ্বাৰকাপুৰী অাছিল। সেই ঠাইতে পুনৰ খননকাৰ্য চলোৱাত অান এটা অনুৰূপ মূৰ্তি উদ্ধাৰ হয়। তাৰ পাছত প্ৰথম মূৰ্তি কাৱৈমাৰী নামঘৰত অাৰু দ্বিতীয় মূৰ্তি বালিপাৰা পুখুৰী পাৰত এটি মন্দিৰ নিৰ্মান কৰি স্থাপন কৰে। তাৰ পাছৰ পৰাই দ্বাৰকাপুৰী ঠাইখন বিষ্ণুপুৰী হ’ল। ১৯৭৯ চনত অসম চৰকাৰৰ পূৰাতত্ব বিভাগে খননকাৰ্য চলাই ভিন্ন দেৱ দেৱীৰ ভগ্ন মূৰ্তি উদ্ধাৰ কৰে। পূৰাতত্ব বিভাগে শ শ এনে মূৰ্তি উদ্ধাৰ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছিল যদিও সংৰক্ষণৰ অভাৱত জহি খহি গৈছে। বৰ্তমান মন্দিৰ পৰিচলনা সমিতিয়ে নিজাকৈ দান বৰঙণি তুলি আন্ত:গাঠনি উন্নয়ন কৰাৰ লগতে হাবি জংঘলৰ মাজত থকা মূৰ্ত্তিসমূহৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছে ৷

Related Articles

Leave a Reply

Close