নিবন্ধ

কাৰ নিয়ন্ত্ৰণত আমাৰ অৰ্থনীতি?

মাধুৰ্য বৰা

মোৰ বন্ধু এগৰাকীয়ে ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থাৰ বিষয়ে ব্যাখ্যা কৰিবলৈ গৈ এটা বহু ভাল উপমা দিছিল। তেওঁ কৈছিল যে, এখন গাঁৱত এজন বৰ অত্যাচাৰী জমিদাৰ আছিল। তেওঁ খাজনা আদি আদায় কৰিবলৈ গাঁৱৰ দুখীয়া কৃষকসকলৰ অত্যাচাৰ কৰিছিল। এদিন সকলো কৃষকে লগ হৈ বিদ্ৰোহ কৰি উঠিল। জমিদাৰে উমান নাপাই তেওঁৰ জমিদাৰী এৰিবলৈ প্ৰস্তুত হ’ল। এদিন তেওঁ সভা এখন আহ্বান কৰিলে, তাত তেওঁ ক’লে যে আপোনালোকে মোক ইমানেই যদি বেয়া পাইছে; তেন্তে মই চহৰৰ ঘৰলৈকে গুচি যাওঁ। কিন্তু খাজনাতো তুলিবই লাগিব। নহ’লে আমি সকলোৱেই চৰকাৰৰ ওচৰত দোষী হ’ম। গতিকে খাজনা তোলাৰ দায়িত্ব আপোনালোকৰ মাজৰে এজনক দি যাওঁ। জমিদাৰৰ এই প্ৰস্তাৱত গাঁওবাসী আনন্দিত হৈ উঠিল। কিন্তু চতুৰ জমিদাৰে তেওঁৰ সোঁহাতস্বৰূপ এজনকহে এই দায়িত্ব দি গ’ল। দেখা গ’ল যে এইজনে জমিদাৰতকৈও বেছি অত্যাচাৰী হৈ উঠিল। ইয়াৰ কাৰণ অলপ অনুধাৱন কৰিলেই ধৰিব পাৰি যে আগতে জমিদাৰজনে অকল নিজৰ কাৰণেহে গাঁওবাসীক শোষণ-শাসন কৰিছিল। কিন্তু পিছত ইজনে গাঁওবাসীক, জমিদাৰ আৰু নিজৰ স্বাৰ্থৰ কাৰণেও শোষণ-শাসন কৰিবলৈ ধৰিলে। বৰ্তমানে জমিদাৰজন আকৌ ঘূৰি আহিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। এইটো এটা উপমাহে। ঠিক উপমাটোৰ লগত ভাৰতবৰ্ষৰ অৰ্থনীতিৰ ব্যৱস্থাটোও ৰিজাব পাৰি। গতিকে ভাৰতবৰ্ষৰ ৰাজনীতি আৰু অৰ্থনীতিত এই উপমাটো সুন্দৰকৈ খাটে। গতিকে ভাৰতবৰ্ষৰ স্বাধীনতাক স্বাধীনতা বুলি নকৈ ক্ষমতা হস্তান্তৰ বুলি ক’লেহে বেছি ভাল হ’ব। উক্ত উপমাটো মই ইয়াতে কিয় উত্থাপন কৰিলো পিছত পাঠক সমাজে নিজেই বুজি পাব।

এতিয়া আমি প্ৰথমে আহো অৰ্থনীতি বুলি ক’লেনো কি বুজো? অৰ্থনীতিত সৰল ভাষাৰে বুজিবলৈ হ’লে- এখন দেশক এজোপা গছ বুলি ধৰি লওঁ তেন্তে ইযাৰ শিপাবোৰেই হ’ব অৰ্থনীতি। গছজোপাক যেনেকৈ শিপাবোৰে ধৰি ৰাখে, ঠিক সেইদৰে দেশ এখনকো ধৰি ৰাখে সেই দেশৰ অৰ্থনীতিয়েহে।

শিপাবোৰ দুৰ্বল হৈ পৰিলে গছজোপা ঠিয় হৈ বা অস্তিত্বৰ প্ৰশ্ন আহি পৰে। ঠিক তেনেদৰে সোই দেশখনৰ অৰ্থনীতিও দুৰ্বল হৈ পৰিলে দেশখনৰ সাৰ্বভৌমত্বৰ প্ৰতিয়েই সংকট আহি পৰে। যিখন দেশ অৰ্থনৈতিকভাৱে স্বাধীন হ’ব নোৱাৰে, সি ৰাজনৈতিকভাৱেও স্বাধীন হ’ব নোৱাৰে। আধুনিক সমাজ বিজ্ঞানৰ এই মৌলিক সূত্ৰটো আমাৰ তথাকথিত বুদ্বিজীৱীসকলে বুজি নাপায় বা বুজিবলৈ চেষ্টা নকৰে। ফলত আমাৰ দেশৰ জনসাধাৰণৰ মূল সমস্যাবোৰৰ উৎস ক’ত বা সেইবোৰৰ সমাধান কেনেকৈ সম্ভৱ হ’ব সেই কথাষাৰ তেওঁলোকে আজি পৰ্যন্ত বুজিব নোৱাৰিলে।

আমি ভালকৈ পৰ্যবেক্ষণ কৰিলে দেখা পাম যে গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰি একেবাৰে বিধানসভা, লোকসভালৈকো অন্যহাতেদি ব্লক পৰ্যায়ৰ পৰা আৰম্ভ কৰি একেবাৰে কেন্দ্ৰীয় চৰকাৰৰ সৰ্বোচ্চ প্ৰশাসন যন্ত্ৰলৈকে আমাৰ দেশখনৰ ৰাজনৈতিক, প্ৰশাসনিক, সামৰিক তথা সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰতিটো পৰ্যায়ত এই সামস্তবাদী শোষক শ্ৰেণীটোৰ অসংখ্য প্ৰতিনিধিয়ে নিজৰ শ্ৰেণী স্বাৰ্থ প্ৰতি মুহূৰ্ততে ৰক্ষা কৰি আহিছে। ভাৰতীয় সমাজখনৰ সামগ্ৰিক প্ৰগতিৰ ক্ষেত্ৰত আটাইতকৈ বেছি প্ৰতিবন্ধকতাৰ সৃষ্টিকাৰী, প্ৰতিক্ৰিয়াশীল শক্তিসমূহৰ আটাইতকৈ শক্তিশালী দুৰ্গস্বৰূপ, বিদেশা সাম্ৰাজ্যবাদী শক্তিৰ মূল আভ্যন্তৰীণ সামাজিক ভিত্তি (Internal Social base) এই সামন্তবাদী শোষক শ্ৰেণীটোৱেই হ’ল ভাৰতীয় জনগণৰ লগতে অসমৰ জনগণৰো এক অন্যতম শত্ৰু।

দ্বিতীয়তে আমাৰ দেশৰ যিবোৰ বৃহৎ কল-কাৰখানা, শিল্প-উদ্যোগ, বেংক, বিত্তীয় অনুষ্ঠান আদি আছে সেইবোৰৰ বেছিসংখ্যকৰে মালিকানা আৰু নিয়ন্ত্ৰণ আছে আমেৰিকা, ইংলেণ্ড, জাৰ্মানী, জাপান, ৰাছিয়া, ফ্ৰান্স, ইটালী ইত্যাদি বিদেশী ৰাষ্ট্ৰৰ পুঁজিপতিসকলৰ হাতত। এওঁলোকে নিজৰ দেশৰ জনসাধাৰণক শোষণ-শাসন কৰাৰ উপৰি ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰৰ দেশসমূহৰ জনসাধাৰণকো শোষণ-শাসন কৰি আছে। বৰ্তমান এই শোষণৰ ধাৰা সলনি হৈছে। সম্পূৰ্ণ নতুন কায়দাৰে জনসাধাৰণে বুজিব নোৱাৰা পৰোক্ষ পদ্ধতি যেনে- বৈদেশিক ঋণ, ‘সাহায্য’ প্ৰত্যক্ষ বিনিয়োগ পাৰ্টনাৰশ্বিপ কাৰিকৰী সহযোগিতা, অৰ্থনৈতিক আৰু ৰাজনৈতিক উপদেশ-পৰামৰ্শ, অস্ত্ৰ-সস্ত্ৰৰ যোগান, সামৰিক উপদেষ্টাৰ নিয়োগ, বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু সাংস্কৃতিক ক্ষেত্ৰৰ নিয়ন্ত্ৰণ ইত্যাদিৰ মাৰফৎ এই বিদেশী ঔপনিবেশিক শোষণকাৰীহঁতে আজি অসম তথা ভাৰতবৰ্ষৰ অৰ্থনীতিৰ প্ৰতিডাল শিৰা-উপশিৰা নিয়ন্ত্ৰণ কৰি আছে। এই ক্ষেত্ৰত দুটামান উদাহৰণ দাঙি ধৰিলে পাঠক সমাজৰ বোধগম্য হ’ব।

অসমৰ ৰাইজে জানে যে আমাৰ বিষয়াসকলক প্ৰশিক্ষণ দিবৰ বাবে দিছপুৰত এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ (Administrative Staff College) নামৰ এখন কলেজ আছে। অন্যান্য ৰাজ্যতো আছে। ১৯৪৭ চনৰ আগতে যি ব্ৰিটিছে অসমৰ আমোলাসকলক শিক্ষা দিছিল, সেই ব্ৰিটিছ চৰকাৰে ১৯৪৭ চনৰ পাছতো প্ৰত্যক্ষ আৰু পৰোক্ষ উভয় পদ্ধতিৰে আজিও ঔপনিবেশিক শিক্ষা দি আছে। ‘ব্ৰিটিছ কাউন্সিল’ (British Council)নামৰ ইংলেণ্ডৰ সংস্থাটোৰ সদস্যসকলে আজিও অসমৰ উচ্চপদস্থ বিষয়াসকলক ট্ৰেইনিং দিবলৈ আহে; আনকি বিষয়াসকলে কি পঢ়িব শিকিব তাকে ব্ৰিটিছেই বৰ্তমানেও ঠিক কৰি দিয়ে (১১-৮-৯০), ‘নতুন দৈনিক’)। প্ৰশাসনিক কামৰ বাবে অসমখন যেন এতিয়াও ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্গতহে!

ভাৰতবৰ্ষৰ বছৰেকীয়া বাজেট বা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ নীতিসমূহো বিশ্ব বেংকৰ দৰে সাম্ৰাজ্যবাদী সংস্থাৰ নিৰ্দেশতহে প্ৰস্তুত কৰা হয় (প্ৰমাণ হিচাপে ১৯৯০ চনত ভি পি সিং চৰকাৰৰ নতুন উদ্যোগ নীতি সম্পৰ্কত জনতা দলৰ প্ৰাক্তন জ্যেষ্ঠ নেতা চন্দ্ৰশেখৰৰ মন্তব্য চাওক)। মুঠতে এই বিদেশী পুঁজিপতি শোষণকাৰীহঁতক কোৱা হয় সাম্ৰাজ্যবাদী শক্তি।

এই প্ৰসংগত প্ৰাসংগিকতা থকাত আৰু এষাৰ মাৰাত্মক কথা পাঠক সমাজে জানি থওঁক যে ১৯৪৭ চনত ব্ৰিটিছ পাৰ্লিয়ামেণ্টত এখন অতি অসাধাৰণ আইন গ্ৰহণ কৰে। এই আইনখন ১৯৪৯ চনত প্ৰৱৰ্তন কৰা হয়। আইনখনৰ নাম আছিল India (Consequential Provisions) Act, 1949। আইনখনৰ ভিতৰত থকা মূল কথাটো হ’ল ভাৰতবৰ্ষখন গণৰাজ্য বুলি ঘোষণা হোৱাৰ পিছতো ভাৰতবৰ্ষখন ব্ৰিটিছৰ অধীনত থাকিব লাগিব…। যদি ভাৰতবৰ্ষখন গণৰাজ্য নোহোৱা হ’লেও প্ৰযোজ্য হ’লহেঁতেন। ইয়াৰ ডাঙৰ প্ৰমাণ হ’ল, ভাৰতবৰ্ষ এখন কমনৱেলথ সদস্যভুক্ত দেশ। আমি বহুতেই নাজানো যে এই সদস্যভুক্ত দেশবোৰ প্ৰকৃততে ব্ৰিটিছৰ অধীনত থকা দেশহে। সেই দিশৰ পৰা চাব গ’লে ভাৰতবৰ্ষই ১৯৯৭ চনতহে কমনৱেলথৰ পৰা ওলাই আহিব পাৰিব (কামিনী মোহন শৰ্মাৰ ‘ৰক্তাক্ত ভাৰত’)। ইয়াৰ পাছতো আমি দাবী কৰিব পাৰোনে, আমি স্বাধীন দেশৰ নাগৰিক বুলি?

আমি যে পৰাধীনতাৰ পিঞ্জৰাত আবদ্ধ হৈ আছো ইয়াৰ প্ৰমাণ আৰু আছে। ১৯৯০ চনৰ ৯ ছেপ্টেম্বৰত ভাৰতবৰ্ষত থকা মাৰ্কিন ৰাষ্ট্ৰদূত উইলিয়াম ক্লাৰ্কে পঞ্জাৱ ভ্ৰমণ কৰাৰ পাছতে পঞ্জাবত  নিৰ্বাচন পাতিব লাগে বুলি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰীৰ (ভি পি সিং) ওপৰত হেঁচা প্ৰয়োগ কৰিছিল (‘দি টেলিগ্ৰাফ’ ১৬-৯-৯০)। সম্প্ৰতি আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিনটনৰ পঞ্জাব প্ৰদেশক লৈ কৰা মন্তব্যই ভাৰতবৰ্ষত অসন্তোষৰ সূত্ৰপাত হৈছে।

এনেকুৱা এখন পৰাধীন দেশে নিজকে বিশ্বৰ বৃহত্তৰ গণতন্ত্ৰ দেশ বুলি দাবী কৰে। এই ক্ষেত্ৰত ভাৰতবৰ্ষৰ গণতন্ত্ৰ কি চৰিত্ৰ এই বিষয়ে কম পৰিসৰৰ ভিতৰতে দুটামান আভাস দাঙি ধৰিলো।

আপোনালোকে জানেনে- ভাৰতবৰ্ষত প্ৰতি তিনিজনৰ ভিতৰত দুজনেই লিখা-পঢ়া কৰাৰ সামান্য সুযোগকণো নাপায়। আধাতকৈও বেছিসংখ্যক মানুহেই নিৰক্ষৰ। মুঠ জনসংখ্যা ৯০ কোটি মানুহৰ ভিতৰত ৬০ কোটি মানুহেই দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বাস কৰে। অকল উত্তৰ-পূব ভাৰতবৰ্ষতেই প্ৰ’টিনৰ অভাবত প্ৰতি বছৰে ২০ হাজাৰ মানুহ অন্ধ হৈ যায়। প্ৰসূতি নাৰীসকলৰ শতকৰা ৭০ গৰাকীয়ে অপুষ্টিত ভোগে। গতিকে প্ৰতিবছৰে দুই লাখগৰাকীৰ ইয়াৰ ফলত মৃত্যু হয়। শিশুৰ মৃত্যুৰ হাৰ হ’ল প্ৰতি চাৰিটাৰ ভিতৰত দুটাৰ। ইয়াৰ কাৰণ হ’ল অপুষ্টি আৰু অস্বাস্থ্যকৰ পৰিৱেশ। দেশত মুঠ গাঁৱৰ সংখ্যা আনুমানিক ৭ লাখ মান হ’ব। প্ৰায় এক লাখতকৈও অধিক গাঁৱত পানীৰ কোনো সু-বন্দোৱস্ত নাই। পূৰ্ণবয়স্ত ব্যক্তিসকলৰ প্ৰতি ৭ জনৰ ভিতৰত এজন হ’ল নিবনুৱা, ৪ জন হ’ল অৰ্ধ নিবনুৱা। প্ৰতি ১০ জনৰ ভিতৰত এজন ভূমিহীন।

প্ৰতি ১৫০ জন ব্যক্তিৰ ভিতৰত এজন হয় ভিক্ষাৰী নহয় চোৰ, গুণ্ডা বা গণিকা।

দেশৰ ৮০ শতাংশ মানুহৰ হাতলৈ যায় জাতীয় আয়ৰ মাত্ৰ ২০ শতাংশ আৰু মাত্ৰ ২০ শতাংশ মানুহৰ দখলত থাকে জাতীয় আয়ৰ ৮০ শতাংশ। গতিকে ই আকৌ পৃথিৱীৰ কেনে ধৰণৰ বৃহত্তম গণতান্ত্ৰিক দেশ?

এই বৈষম্যৰ বিৰুদ্ধে জনসাধাৰণে যেতিয়াই প্ৰতিবাদ সাব্যস্ত কৰিছে তেতিয়াই চৰকাৰে জনসাধাৰণৰ ওপৰত দমন-নিপীড়ন চলাবলৈ অতি ভীবৎস ক’লা আইন কিছুমান প্ৰয়োগ কৰিছে। এই ক্ষেত্ৰত এটা মাত্ৰ উদাহৰণেই যথেষ্ট।

ভাৰতবৰ্ষৰ জাতীয়তাবাদী আন্দোলনটোক দমন কৰাৰ কাৰণে ব্ৰিটিছে যি দুখন আইন ৰচিছিল সেই দুখন আইনক উচ্চতম ন্যায়ালয়ে ১৯৫২ চনত অতি ভীবৎস বুলি বাতিল কৰি দিছিল। সম্প্ৰতি সেই ক্ৰিমিনেল ল’ এমেণ্ডমেণ্ট এক্ট, ১৯০৮ আৰু পাব্লিক ছিকিউৰিটী এক্ট, ১৯৩৮ আইন দুখন প্ৰয়োগ কৰি ভাৰতবৰ্ষৰ শাসক শ্ৰেণীটোৱে অন্ধ্ৰৰ ‘পিপুলছ ৱাৰ গ্ৰুপ’ আৰু সহযোগী সংগঠনবোৰক বেআইনী ঘোষণা কৰিলে। গতিকে নাগৰিক অধিকাৰ বিধি, আনকি ভাৰতীয় সংবিধান অনুযায়ী, শাসক শ্ৰেণীৰ এই কাম পূৰা-পূৰি বেআইনী। ইয়াৰ উপৰি অসমৰ আলফা, বড়ো আৰু বিহাৰৰ এম চি চিৰ কথা উনুকিয়াব পাৰো। উক্ত সংগঠনবোৰে আজি অন্যায়, প্ৰতিবাদ কৰিবলৈ গৈ শাসক শ্ৰেণীৰ উৎপীড়নৰ মুখামুখি হৈছে। এয়াই হ’ল বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ এখনৰ গণতান্ত্ৰিক চৰিত্ৰ।

আমেৰিকান আলোচনা ‘ফৰচুণ’ৰ মতে বিশ্বত ৫০ টা অতি বৃহৎ কোম্পানী আছে। তাৰে ২৩ টাই ভাৰতবৰ্ষত ব্যৱসায় কৰি আছে। উক্ত যিকোনো কোম্পানী এটাৰ মুঠ বিক্ৰীৰ পৰিমাণ হ’ব আমাৰ দেশৰ বছৰেকীয়া বাজেটতকৈও বেছি। উদাৰহণস্বৰূপে ইংলেণ্ডৰ ইউনিলিভাৰ কোম্পানীটোৰ মুঠ সম্পত্তিৰ পৰিমাণ হ’ব ৭ লাখ কোটি টকা। তেওঁলোকৰেই স্বাৰ্থত গঢ়ি তোলা হৈছে বিশ্ব বেংক, আই এম এফ, এছিয়ান ডেভেলপমেণ্ট বেংক ইত্যাদি কিছুমান সুদখোৰ শোষণকাৰী বিত্তীয় সংস্থা।

তৃতীয়তে আমাৰ দেশত টাটা, বিৰলা, আম্বানী, গোৱেংকা, বাজাজ, মফটলাল ইত্যাদি কিছুসংখ্যক ডাঙৰ ডাঙৰ দেশী(?) পুঁজিপতি আছে যিবোৰে জনগণৰ তেজ শুহি বৃহৎ বৃহৎ কল-কাৰখানাৰ ব্যক্তিগত মালিক হ’ব পাৰিছে। যিবোৰে সাম্ৰাজ্যবাদী বিদেশী কোম্পানীৰ মালিকবোৰৰ দালালি কৰি সিহঁতলৈ সেৱা আগবঢ়াই বাছি আছে। এই টাটা, বিৰলাহঁতৰ জন্মৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে ব্ৰিটিছেই ইহঁতক তুলি-তালি ডাঙৰ-দীঘল কৰিছিল। ব্ৰিটিছৰ দৰে আন সাম্ৰাজ্যবাদী দেশ যেনে- আমেৰিকা, জাৰ্মানী, ৰাছিয়া, ইটালী, জাপান, ফ্ৰান্স ইত্যাদিৰ শোষক পুঁজিপতি শ্ৰেণীটোৱেই ইহঁতক বৰ্তমানো প্ৰতিদিনে লালন-পালন কৰি আছে। বিদেশী সাম্ৰাজ্যবাদী শক্তিৰ লগত ইহঁতৰ সম্পৰ্ক ওতপ্ৰোতভাৱে জড়িত। বিদেশী পুঁজিবাদৰ হৈয়েই ইহঁতে সদায় ওকালতি কৰি আহিছে। সেয়ে টাটা, বিৰলাকে ধৰি ভাৰতবৰ্ষৰ বৃহৎ বৃহৎ পুঁজিপতিবোৰক দালাল পুঁজিপতি বোলা হয়।

অন্যহাতেদি সমাজবাদ প্ৰতিষ্ঠা কৰাৰ নামত যিবোৰ কল-কাৰখানা, অৰ্থনৈতিক সংস্থা তথাকথিত চৰকাৰী খণ্ড বা ৰাজহুৱা খণ্ডত প্ৰতিষ্ঠিত হৈছে অৰ্থাৎ যিবোৰ জনসাধাৰণৰ পইচাৰে গঢ়ি উঠিছে, সেইবোৰ চলাই আছে কিছুমান ডাঙৰ ডাঙৰ অফিচাৰ বা আমোলাই। শকত পৰিমাণৰ দৰমহা, ভাট্টা, চৰকাৰী সুবিধা আৰু সীমাহীন দুৰ্নীতিৰ দ্বাৰা ইহঁতে জনগণৰ তেজ শুহি শুহি কুবেৰৰ দৰে টকাৰ পাহাৰ বনাইছে। ইহঁতৰ লগত দেশী-বিদেশী পুঁজিপতি আৰু ভূ-স্বামী শোষক শ্ৰেণীৰ হলি-গলিৰ অন্ত নাই। ইহঁতক ক’ব পাৰি ‘দালাল আমোলাতান্ত্ৰিক পুঁজিপতি’। কিয়নো ৰাষ্ট্ৰৰ সহায়ত ইহঁতে প্ৰধানকৈ বিদেশী সাম্ৰাজ্যবাদী শক্তিৰেই দালালি কৰে। সেই কাৰণেই প্ৰখ্যাত অৰ্থনীতিবিদ বাল গোপালে কৈছিল- ভাৰতীয় পুঁজি ৰাষ্ট্ৰৰ ওপৰত গঢ়ি উঠা ৰঘুমলা। গতিকে এই পুঁজিক আমোলাতান্ত্ৰিক পুঁজি বুলিব পাৰি।

আমাক অৰ্থনৈতিকভাৱে কোনে পৰিচালনা কৰে? পুৱা শুই উঠাৰ পাছত চাহ একাপ খাবলৈ মন যায়, এই চাহ কাপ খাবলৈ যিটো পেকেটৰ পৰা চাহ ঢালো সেই আটকধুনীয়া পেকেটটো ‘ব্ৰুক বণ্ড’ কোম্পানীৰ। যদি ব্ৰুক বণ্ড ভাল নাগালে তেন্তে ‘লিপ্টন’ৰ চাহ খাওঁ। এই দুয়োটাৰ মালিক হ’ল ব্ৰিটিছ কোম্পানী। এটা কথা পাহৰিলো। চাহ কাপ বনাবলৈ জুইৰ দৰকাৰ। অৰ্থাৎ গেছটো জ্বলাবলৈ যিটো দিয়াশলাইৰ বাকচ ‘WIMCO’ ব্যৱহাৰ কৰো তাৰ মালিক হ’ল ছুইডেনৰ কোম্পানী ‘উইমকো’। চাহ কাপ মুখখন ধুইহে খাবলৈ ইচ্ছা কৰে তেন্তে দাঁত মাজিবলৈ ব্যৱহাৰ কৰা Colgate, Forhans, Close-up, Promise, Binaca, Cibaca আদি টুথপেষ্টৰ মালিকসকল হ’ল, আমেৰিকা, ইংলেণ্ড, ছুইজাৰলেণ্ড আদি দেশৰ।

আপোনাৰ ঘৰত হঠাৎ গেছ শেষ হ’লে বজাৰৰ পৰা ১০ টকা লিটাৰকৈ ব্লেকত কেৰাচিন তেল কিনি আনে। মুঠতে আপোনাৰ পাকঘৰত ব্যৱহৃত গেছেই হওঁক বা কেৰাচিনেই হওঁক ইয়াৰ মালিক হ’ল Oil India বা ONGC। ইয়াক এতিয়া নিয়ন্ত্ৰণ কৰে বৃটেইন আৰু ৰাছিয়াই। বৰ্তমান আমেৰিকাও সোমাইছে।

আমি ভাবো যে টাটা গাড়ীৰ মালিক  টাটা। কিন্তু অপ্ৰিয় হ’লেও সত্য যে কোম্পানীটো টাটাৰ নামতহে আছে। নিয়ন্ত্ৰণ কৰে ইংলেণ্ড, আমেৰিকা আৰু জাৰ্মানীয়ে। ঠিক তেনেকৈ বিৰলাৰ এম্বেছাদৰ গাড়ী, Ashok Leyland, Fait, Contessa ইত্যাদি গাড়ীৰ মালিক থাকে সুদূৰ ইউৰোপত। মাৰুতি, হিৰো হোন্দা, য়ামাহা, কেণ্টাৰ ইত্যাদিৰ মালিক হ’ল জাপান। Rajdoot, Bullet, Yezdi, Bajaj, LML Vespa, Narmada ইত্যাদিৰ মালিকবোৰ ইউৰোপ, আমেৰিকাৰ। মনোৰঞ্জনৰ কাৰণে আমি ঘৰত ব্যৱহাৰ কৰা টিভিবোৰ হ’ল- Weston, Onida, Telerama, Oscar, Dyonara, Salora ইত্যাদিৰ ১০০ শতাংশ ভাগ টিভি কোম্পানীৰ মালিক হয় জাপান, ইংলেণ্ড, আমেৰিকা, জাৰ্মানী নহয় কানাডা, ছুইজাৰলেণ্ড, বেলজিয়াম ইত্যাদি বিদেশী ৰাষ্ট্ৰ। ইয়াৰ উপৰি Bush, Philips, Murphy ইত্যাদি ৰেডিঅ’ কোম্পানীৰ মালিক আমেৰিকা, ইংলেণ্ড, হলেণ্ড ইত্যাদিৰ।

আমি অসমৰ সকলো মানুহে ব্যৱহাৰ কৰা HMT, Richo, Titan, Allwyn, Citizen, Casio ইত্যাদি ১০০ শতাংশ ভাগ কোম্পানীৰ মালিক হয় ছুইজাৰলেণ্ড, ইংলেণ্ড, আমেৰিকা নহয় জাপান, জাৰ্মানী ইত্যাদিৰ।

অসমৰ বজাৰত বিক্ৰী হৈ থকা কাপোৰৰ বিশেষকৈ টেৰিলিন, টেৰিকটন, পলিয়েষ্টাৰ ইত্যাদি আৰু কপাহী কাপোৰৰ মিলবোৰ বেছিভাগৰে মালিকানা আৰু যন্ত্ৰপাতি নিয়ন্ত্ৰণ কৰে আমেৰিকা, ইংলেণ্ড ইত্যাদি বিদেশী ৰাষ্ট্ৰই। বজাৰত পোৱা ৯৯ শতাংশ ঔষধৰ পৰা প্ৰতিদিনে উচ্চ হাৰত (৩০০%-৪০০% পৰ্যন্ত) লাভ লুটি নি আছে- Pfizer, Hoecht, Ciba and Geigy, Glazo, Bayer, Abbot ইত্যাদি জাৰ্মানী, ছুইজাৰলেণ্ড, ইংলেণ্ড, আমেৰিকাৰ লুণ্ঠনকাৰী বহুজাতিক নিগমবোৰে। মাত্ৰ ৪৩ টা বহুজাতিক ঔষধ নিগমে ১৯৭৩ চনৰ পৰা ১৯৭৫ চনৰ ভিতৰত ১০,৩৭০,০০০ (ডলাৰ) লাভ ভাৰতবৰ্ষৰ পৰা লুটি নিছে (New Perspectives No, 6, 1980)।

গা ধোৱা চাবোন Lux, Lifebuoy, Rexona, Liril, Pearsৰ উপৰি Surf, Vim ইত্যাদি পাউডাৰকে ধৰি বজাৰত পোৱা ৯০ শতাংশ সামগ্ৰী ইংলেণ্ড আৰু হলেণ্ডৰ নিয়ন্ত্ৰণত থাকে। আমি ব্যৱহাৰ কৰা Pilot পেন জাপানৰ Pilot Corporation নামৰ কোম্পানীৰ। তেনেকৈ Celpark চিয়াহীৰ মালিক ইংলেণ্ডৰ। আমি পিন্ধা Bata কোম্পানী জোতাৰ পৰা ইমান দিনে লাভ লুটি নি আছে ছুইজাৰলেণ্ড আৰু কানাডাই।

তালিকাখন লিখি শেষ কৰিব নোৱাৰি। মুঠতে আপুনি ইয়াকেই বুজক যে পুৱা শুই উঠাৰ পৰা ৰাতি খোৱাৰ আগলৈকে আপুনি ব্যৱহাৰ কৰা প্ৰতিটো বস্তুৰ মালিকেই বিদেশী। Made in India লিখা থাকিলেই ভাৰতীয় মালিকানাধীন বুলি ভুল নুবুজিব। ভাৰতবৰ্ষত তৈয়াৰ কৰা নুবুজায়। Made in India লিখা ভাৰতবৰ্ষৰ বজাৰত পোৱা বেছিভাগ শিল্পজাত সামগ্ৰীৰ মূল অংশবোৰে (Parts) বিদেশত তৈয়াৰ কৰি ভাৰতলৈ আনি কেৱল লগ লগোৱা (Assemble) হয় আৰু কৰ-কাটলৰ পৰা ৰেহাই পাবলৈকে Made in India বুলি কেৱল লেবেল লগাই দিয়া হয়।

পাঠক সমাজক আৰু এষাৰ কথা পৰিষ্কাৰ কৈ বুজি উঠিবলৈ কওঁ যে- টাটা, বিৰলাকে ধৰি ভাৰতবৰ্ষৰ বৃহৎ বৃহৎ কোম্পানীবোৰৰ মূলধন আৰু পুঁজি দিনক দিনে বৃদ্ধি পোৱাৰ প্ৰকৃত কাৰণটো অকল বৈদেশিক বিনিয়োগেই নহয়, ইয়াৰ বাহিৰেও হ’ল বৈদেশিক মূলধন বিনিয়োগ যেনে- ইকুইটি, ডিবেন্সাৰ আৰু প্ৰাইভেট লোন ইত্যাদি। অৰ্থাৎ বৈদেশিক সহযোগিতাৰ (ফৰেইন ক’লাবৰেশ্বন) নামত প্ৰায় ৯০-৯৫ শতাংশৰ মূলধন আৰু পুঁজিৰ গৰাকী হ’ল সাম্ৰাজ্যবাদী দেশবোৰ। ইয়াৰ পাছতো ক’ব পাৰি জানো উক্ত কোম্পানীবোৰ ভাৰতীয়? এতিয়া আপোনালোকেই বিচাৰ কৰক, উক্ত বৃহৎ বৃহৎ কোম্পানীবোৰৰ ৯০-৯৫ শতাংশ লাভাংশ ক’লৈ যায়? গতিকে ইয়াৰ পৰাই বুজিব পাৰে যে, আমি ক্ৰমে কিয় দুখীয়া আৰু কোনসকল ক্ৰমে ধনী হৈ গৈ আছে? আজি ভাৰতবৰ্ষত ধনী হৈছে টাটা-বিৰলাহঁত। আমি নহয়। ভাৰতবৰ্ষৰ জাতীয় আয়, সঞ্চয় আৰু ৰপ্তানি বাঢ়িলেও সাধাৰণ মানুহৰ একো আহে-নাযায়। মুঠতে আমি মাত্ৰ শোষিত হৈ ক্ৰমে দুখীয়াহে হৈ গৈ আছো। এই টাটা, বিৰলাহঁতক আজি শোষণ কৰিবলৈ সুবিধা উলিয়াই দি আছে আমাৰ দেশৰ চৰকাৰেই (সমাজবাদী?) নহ’লেনো জৰুৰীকালীন সময়ছোৱাত টাটা, বিৰলাহঁতৰ সম্পত্তিৰ পৰিমাণ আঢ়ৈ-তিনিগুণ বাঢ়েনে? (India Mortgaged, Page 96, 97, 98)।

এতিয়া অৰ্থ নিৰ্গমন প্ৰসংগলৈ আহো। অৱশ্যে মই দুটামান কোম্পানীৰ কথাহে আলোচনা কৰিম। কাৰণ আগতেই কৈছো যে তালিকাখন বৰ দীঘল। কৈ ওৰকে নপৰে।

কলগেট টুথপেষ্ট কোম্পানী ‘কলগেট পামঅ’লিভ’ এ ভাৰতবৰ্ষত মাত্ৰ এক লাখ টকা পুঁজিৰে ব্যৱসায় আৰম্ভ কৰিছিল। কিন্তু ১৯৬৯-৭০ চনত এওঁলোকে নিজৰ দেশলৈ লাভ কৰি পঠিয়াইছে ৮২ লাখ টকা।

ঔষদ কোম্পানী ‘ফাইজাৰে’ ১৯৫৯ চনত ভাৰতবৰ্ষত মাত্ৰ ৫ লাখ টকাৰে ব্যৱসায় আৰম্ভ কৰিছিল। মাত্ৰ এবছৰতে ৬৮ লাখ টকা লাভ কৰি পঠিয়াইছে। (‘ফাইনানচিয়েল এক্সপ্ৰেছ’, নৱেম্বৰ ১৫, ১৯৯২)

‘এংলো-ফ্ৰেন্স ড্ৰাগ’ কোম্পানীয়ে ১৯৭০-৭১ চনত লাভ কৰিছে ৯৯ লাখ টকা। এওঁলোকে ব্যৱসায় কৰিছিল ১০ হাজাৰ টকা লৈ (‘ফ্ৰণ্টিয়াৰ’, আগষ্ট ২৫, ১৯৭৩, পৃঃ ১২)।

জৱাহৰলাল নেহৰুৱে ‘ইণ্ডিয়া টুডে’ৰ এটা সাক্ষাত্কাৰত কৈছিল ‘ব্ৰিটিছ আৰু সাম্ৰাজ্যবাদীহঁতে ১৯৪৭ চনৰ পৰা ১৯৬৩ চনলৈকে ইমান মুনাফা লুটিলে, ১৯৪৭ চনৰ আগলৈকে অৰ্থাৎ ব্ৰিটিছ শাসকৰ কালছোৱাতো সিমানখিনি মুনাফা লুটিব পৰা নাছিল।

বিদেশী সাম্ৰাজ্যবাদী শক্তিৰ ওচৰত আমি ইমানেই নিৰ্লজ্জৰ দৰে নিৰ্ভৰশীল যে অসমৰ গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, নগাঁও, যোৰহাট, কোকৰাঝাৰ ইত্যাদি চহৰৰ ৰাস্তা-ঘাট, নলা-নৰ্দমা নিৰ্মাণৰ লগতে গ্ৰামাঞ্চলৰ পানীযোগান আঁচনিৰ বাবেও অন্যান্য ৰাজ্যৰ দৰে অসম চৰকাৰেও বিশ্ব বেংকৰ পৰাহে উচ্চ সূতত টকা ধাৰলৈ আনে। বিশ্ব বেংকৰ সূতৰ পৰিমাণ প্ৰায় ৮-১২ শতাংশ পৰ্যন্ত। উল্লেখযোগ্য যে বিশ্ব বেংক নিয়ন্ত্ৰণ কৰে আমেৰিকাই।

সাম্ৰাজ্যবাদে আমাৰ দেশত পৰোক্ষভাৱেহে শোষণ-শাসন চলাই আছে। বিশ্ব বেংকে গুৱাহাটীলৈ আহি শাশা হয়তো নোখোলে। কিন্তু বিশ্ব বেংক বা IFC, IDA, IMF, ADB বা আমেৰিকা, ইংলেণ্ড, জাপান, জাৰ্মানী, ফ্ৰান্সৰ বেংকবোৰে ভাৰত চৰকাৰক ধাৰলৈ দিয়া টকাখিনি ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংক বা অন্যান্য বিত্তীয় অনুষ্ঠান (যেনে- ICIC)ক দিয়ে। এই সংস্থাবোৰে উক্ত ধনখিনি IDBI, SBI, VBI, VCO, NHB, PNB, NABARD ইত্যাদি বেংকবোৰক বা অন্যান্য ৰাজ্যিক বিত্তীয় অনুষ্ঠান (যেনে- AFC)ক দিয়ে। তাৰ পাছত এই বেংক বা বিত্তীয় অনুষ্ঠানৰ শাখাবোৰে এই টকা অতি উচ্চ সূতত বিভিন্ন সৰু-ডাঙৰ ব্যৱসায়ী গ্ৰামাঞ্চলৰ ধনী খেতিয়ক, জমিদাৰ, মহাজন বা চৰকাৰী, অৰ্ধ চৰকাৰী, বেচৰকাৰী অনুষ্ঠান, বো-অপাৰেটিভ ছ’চাইটীক দিয়ে বা NREP, IRDP, TRYSEM ইত্যাদি ৰাইজৰ মন ভুলোৱা চৰকাৰী আঁচনিত ব্যয় কৰে। এই টকাৰে এটা অংশ চহৰ আৰু গ্ৰামাঞ্চলৰ মধ্যবিত্ত শ্ৰেণীটোৰ একাংশক টিভি, ফ্ৰিজ, গাড়ী, বাছ, স্কুটাৰ ইত্যাদি বিদেশী কোম্পানীৰ সামগ্ৰী ইনষ্টলমেণ্টত কিনিবলৈ ঋণ দিয়ে। এইদৰে ব্যৱসায় কৰি বিদেশী কোম্পানী আৰু বেংকবোৰে আমাৰ ছালখন দুবাৰ বখলিয়াইছে। এবাৰ আমি কিনা বস্তুটোৰ ওপৰত লাভ লৈ আৰু আনবাৰ আমাৰ পৰা সূতলৈ বিদেশী কোম্পানীবোৰে এনেদৰে চৰ্ত সাপেক্ষে ঋণৰ বন্দোৱস্ত কৰি দি দুবাৰকৈ ছাল বখলিয়াই অসম তথা ভাৰতবৰ্ষৰ পৰা বছৰি কোটি কোটি টকা সুদূৰ আমেৰিকা, ইউৰোপ, জাপান আদি দেশলৈ লুটি নি আছে ইয়াৰ হিচাপটো আমি ‘স্বাধীন’(?) দেশৰ নাগৰিকসকলে কেতিয়াবা ৰাখিছো নেয

পৰাধীনতা কি তাক অসম তথা ভাৰতবৰ্ষৰ যুৱ চামটোৱে দেশৰ স্বেচ্ছাচাৰী একনায়কত্ববাদী শাসক শ্ৰেণীটোৰ কৃপাত আজি ভালদৰেই বুজি উঠিছে। গতিকে আজিৰ পৃথিৱীত স্বাধীনতা, মানৱ অধিকাৰ ইত্যাদি আঁঠু কাঢ়ি বা অনুনয়-বিনয় কৰি পাব নোৱাৰি। কাৰণ এইবোৰে শত্ৰুৰ হৃদয় গলাব নোৱাৰে।

কিন্তু শত্ৰু-মিত্ৰ চিনি নোপোৱাৰ ফলত আজি অসম তথা ভাৰতবৰ্ষৰ জনগণ বিভক্ত হৈ আছে। শাসক শ্ৰেণীটোৱে চল-চক্ৰান্ত কৰি জনগণৰ মাজত অশত্ৰুতামূলক দ্বন্দ্বক শত্ৰুতামূলক দ্বন্দ্বলৈ পৰিণত কৰি জনগণৰ একাংশক আন অংশৰ বিৰুদ্ধে উচটাই দি ইমান দিনে আমাৰ সকলোৰে ওপৰত চলাই থাকিব পাৰিছে স্বৈৰতান্ত্ৰিক আৰু ঔপনিবেশিক শোষণ ব্যৱস্থা।

কিন্তু অসম তথা ভাৰতবৰ্ষৰ জনগণ ঐক্যবদ্ধ হ’লে, সঠিক পথেৰে অগ্ৰসৰ হ’লে পৃথিৱীত এনে কোনো শত্ৰু নাই যি জনগণৰ অনিৰুদ্ধ গতিক বাধা দিব পাৰে। কোটি কোটি জনগণৰ শক্তিশালী ঐক্যইহে আঁজুৰি আনিব পাৰিব শত-সহস্ৰ শ্বহীদৰ সপোনৰ প্ৰকৃত স্বাধীনতা।

শেষত এটা কথা কৈ সামৰিব খুজিছো, মই উপমানটোত উল্লেখ কৰিছিলো যে জমিদাৰজনে আকৌ ঘূৰি আহিবলৈ বিচাৰিছে। অৰ্থাৎ ডাংকেল প্ৰস্তাৱ, মুক্ত অৰ্থনীতি ইত্যাদিৰ নামত সাম্ৰাজ্যবাদীহঁতে ইয়াত আকৌ এবাৰ প্ৰত্যক্ষভাবে শোষণ-শাসন কৰিবলৈ উদ্যত হৈছে।

উৎস
(১) সচেতন সতীৰ্থ
(২) India Today by R.P. Dutta
(৩) The Translations by Profulla Roychoudhury.
(৪) India Mortgaged by T. Nagi Reddy.

 

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close