অসমশীৰ্ষ

কেন্দ্ৰ-ৰাজ্যৰ বৰ্ষপূৰ্তিৰ বাবে সাজু অসম চৰকাৰ, ৬ খন ৰে’লেৰে আহিব বিজেপি কৰ্মী

নিউজ ডেক্স, প্ৰথম খবৰঃ অহা ২৪ মে’ত সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যত এবছৰীয়া বৰ্ষপূৰ্তি পালন কৰিব। কিন্তু এবছৰীয়া বৰ্ষপূৰ্তিৰ সমান্তৰালকৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ৰাজ্যলৈ আহিব অহা ২৬ মে’ত। প্ৰধান মন্ত্ৰী মোডীৰ এই ভ্ৰমণসূচীতেই ৰাজ্য চৰকাৰৰো বৰ্ষপূৰ্তি পালনৰ বাবে সাজু হৈছে চৰকাৰ। ঢলা-শদিয়া দলং উদ্বোধনৰ কাৰ্যসূচী ৰখা হৈছে। লগতে একেদিনাই প্ৰধান মন্ত্ৰী মোডীয়ে সৰুসজাই ষ্টেডিয়ামৰ পৰাই ছুইচ টিপি আধাৰশিলা স্থাপন কৰিব চাংসাৰিৰ প্ৰস্তাৱিত এইমছৰ। ইপিনে, খানাপাৰাৰ পৰাই এনডিএ চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে দেশবাসীক সম্বোধন কৰিব প্ৰধান মন্ত্ৰী মোডীয়ে। ইতিমধ্যে প্ৰধান মন্ত্ৰী মোডীৰ অসম ভ্ৰমণৰ বাবে ব্যস্ত হৈ পৰিছে ৰাজøৰ আৰক্ষী প্ৰশাসন। খানাপাৰাত হ’বলগীয়া চৰকাৰৰ বৰ্ষপূৰ্তিৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত স্থাপন কৰা হ’ব ৭২ টা CCTV, লগতে খেলপথাৰত থাকিব ৬ টাকৈ গেট। ভিআইপি, ভিভিআইপিৰ বাবে দুখন গেট, এখন সংবাদ কৰ্মীৰ দৰে আৰু ৩ খন সাধাৰণ লোকৰ বাবে গেটৰ বøৱস্থা কৰা হ’ব। এক লাখতকৈ অধিক লোকৰ সমাৱেশৰ বাবে ৬খন ৰে’লেৰে আহিব উজনি নামনিৰ বহু বিজেপি কৰ্মী। ৫০ হাজাৰ আসনৰ বøৱস্থা থাকিবলগীয়া খানাপাৰাৰ খেলপথাৰত সকলো সা-সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিছে আৰক্ষী-প্ৰশাসনে। আনহাতে, সৰুসজাইতো ৫ হাজাৰ লোকৰ সমাৱেশ হ’ব। ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ এছপিজিৰ দৰে পৰ্যবেক্ষণ কৰিছে নিৰাপত্তা বøৱস্থা। মুঠতে, এনডিএ চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি যাতে গুৱাহাটীত অনুষ্ঠিত হোৱা বিষয়টোক লৈও এতিয়া খুবেই উৎসাহী বিজেপিৰ নেতা-কৰ্মী। বিজেপিৰ মতেই, উত্তৰ পূৱক এতিয়া অধিক গুৰুত্ব দিছে কেন্দ্ৰই। উত্তৰ পূৱ ভ্ৰমণ কৰা প্ৰতিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে এনিশা কটোৱাৰ বাবে নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী মোডীয়ে। এইবছৰৰ শেষৰ ফালে হ’বলগীয়া ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনৰ বাবেও অধিক সাজু হৈ পৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close