অসম

কেশৱ চন্দ্ৰ হাজৰিকা আৰু নাই

নিউজ ডেস্ক, প্ৰথম খবৰ: গহপুৰৰ বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ কেশৱ চন্দ্ৰ হাজৰিকা আৰু নাই। আজি পুৱা পাঁচ মান বজাত  বাৰ্ধক্যজনিত কাৰণত টঙনা গাঁৱৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ। তেখেত গহপুৰ হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক, ছয়দুৱাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক, গহপুৰ আদৰ্শ শিশু বিদ্যালয় আদি শিক্ষানুষ্ঠানৰ গুৰিধৰোঁতা আছিল। তদুপৰি তেওঁ সদৌ গহপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ গহপুৰ জিলা সমিতিকে ধৰি বিভিন্ন সামাজিক-সাংস্কৃতিক- ক্ৰীড়া- ধৰ্মীয় অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগত জন্মলগ্নৰেপৰা জড়িত থাকি মৃত্যুৰ আগলৈকে নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই গৈছিল। গহপুৰ হাইস্কুল প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকৰ দৰে মৰ্যাদা পূৰ্ণ চাকৰি এৰি তেওঁ বামপন্থী চিন্তা ধাৰাৰে সংপৃপ্ত হৈ  সক্ৰিয় ৰাজনীতিত জড়িত হৈয়ো মূল্য বোধৰ ৰাজনীতি কৰি সমাজ সেৱা অব্যাহত ৰাখিছিল। মৃত্যুৰ বাতৰিয়ে গহপুৰত শোকৰ ছাঁ পেলাইছে। গহপুৰ জিলা সাংবাদিক সন্থা, ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অঞ্জন কুমাৰ ওজা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি বৰুৱা, গহপুৰ মহকুমা ছাত্র সন্থাই, – সাহিত্যিক- সাংবাদিক নগেন কোঞৰ,গহপুৰ সাহিত্য সভা, নতুন সাহিত্য পৰিষদৰ, গহপুৰ কবি কানন, গহপুৰ লেখিকা সমাৰোহ, হেলেম প্ৰেছ ক্লাৱ, গহপুৰ প্ৰেছ ক্লাৱ, সাংবাদিক মৃণাল কুমাৰ বৰা, হেমন্ত কুমাৰ ভৰালী, লেখক- অৱসৰ প্ৰাপ্ত শিক্ষক ভুৱন বৰা আদিয়ে কেশৱ চন্দ্ৰ হাজৰিকা মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close