অসম

কোকিলাত বজ্ৰপাতত এজনৰ মৃত্যু

প্ৰথম খবৰ, মানিকপুৰ: বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা ২য় খণ্ড গাঁৱত আজি বজ্ৰ পৰি হাসমত আলী নামৰ এজন ৪৫ বছৰীয়া খেতিয়কৰ মৃত্যু হয়। জানিব পৰা মতে, হাসমত আলীয়ে দুপুৰীয়া সময়ত পথাৰত গৰু চৰাবলৈ যাওঁতে বজ্ৰপাতত গুৰুতৰ বাবে আহত হয়। পৰিয়ালৰ লোকে লগে লগে চিকিৎসাৰ বাবে মানিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্ত্তি কৰায় যদিও চিকিৎসকে হাসমত আলীক মৃত বুলি ঘোষনা কৰে।=মানিকপুৰ আৰক্ষীয়ে মৃত দেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Close