অসম

কৰ্কট ৰোগত আক্ৰান্ত শিক্ষকৰ হাতত প্ৰান পাই উঠিছে চিত্ৰ-ভাগৱত


প্ৰথম খবৰ,মাজুলী,০৬ মে’: মাজুলীৰ এগৰাকী শিক্ষকৰ দেহত কৰ্কট ৰোগ তথাপিও তেওঁৰ সপোন জীৱনত কিবা এটা কৰাৰ। দৈনন্দিন ব্যস্ততাৰ মাজতে তাঁতশালত গামোচা, টঙালী, পাটৰ চোলা বৈ উলিয়াছে। নিজ হাতে তাঁতশালত বৈ উলিয়াছে চিত্ৰ-ভাগৱতৰ ১০টা পৃষ্ঠা ৷ বৰ্তমান ডিঙিৰ জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন মাজুলী বেঙেনাআটিৰ মোহন চন্দ্ৰ দাস। আজীৱন শিল্পকৰ্মত জড়িত এই গৰাকী শিক্ষকৰ প্ৰচেষ্টা সমাজৰ বাবে আদৰ্শ। চিকিৎসা সম্পন্ন কৰি দাসৰ এটাই আশা, চিত্ৰ ভাগৱত সম্পূৰ্ণ কৰা। তাঁত খনেও বাট চাই ৰৈছে দাস উভতি অহালৈ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close