অসম

খেৰণিত ২৪+২ সংগঠনৰ সংবাদমেল: কাৰ্বি পৰিষদৰ পৰিষদীয় নিৰ্বাচনক লৈ অসন্তুষ্টি প্ৰকাশ

প্ৰথম খবৰ,খেৰণি,১১ মে’: ষষ্ঠ অনুসূচীৰ আধাৰত তথা সাংবিধানিকভাৱে ভোটাৰ তালিকা প্ৰস্তুতৰ লগতে একাধিক দাবী উত্থাপন কৰা কাৰ্বি আংলঙৰ ২৪+২ টাকৈ সংগঠন অৰ্থাৎ ছাত্ৰ সংগঠনকে ধৰি অৰাজনৈতিক সংগঠনে সমগ্ৰ কাৰ্বি আংলঙতে নগ্ন প্ৰতিবাদকে আদি কৰি বিভিন্ন প্ৰকাৰৰ প্ৰতিবাদেৰে উত্তাল কৰি থকাৰ সময়তে ইতিমধ্যে ঘোষণা কৰা কাৰ্বি আংলং স্বায়িত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সংগঠন কেইটাই ৷ আনকি ইউ কে এছ এ, এছ এছ আই চি, কে এ আৰ আৰ এ, এন এন কে আৰ এ এ, কে এফ এ, পি এফ পি, কে এছ ৱাই এ, কে এ এছ ডি অ, ইউ এইছ ডি অ, কে এন এ, জি জি কে এছ এ, ডি এছ এ, এন কে এছ এ-কে ধৰি মুঠ ২৪+২ সংগঠনকেইটাই আজি সন্ধিয়া পশ্চিম কাৰ্বি আংলঙৰ খেৰণিস্থিত কৃষি বিভাগৰ অতিথিশালাত এখন সংবাদৰমেল আয়োজন কৰি পৰিষদখনৰ আগন্তুক নিৰ্বাচনকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ আয়োজিত সংবাদমেলত ২৪+২ টা সংগঠনৰ হৈ এছ এছ আই চি সংগঠনটোৰ উপদেষ্টা জে আই কাথাৰে এই বুলি প্ৰকাশ কৰিছে যে আইন ভংগ কৰি সংবিধানৰ কোনো ধাৰা, নিয়ম নীতি আদি পালন নকৰাকৈয়ে কাৰ্বি আংলং স্বায়িত্ব শাসিত পৰিষদ আৰু ভাৰতীয় নিৰ্বচনী আয়োগে পৰিষদৰ নিৰ্বাচন অনুস্থিত কৰিবলৈ ইতিমধ্যে দিন ঘোষণা কৰিছে বুলি ২৪+২ টা সংগঠনৰ হৈ অভিযোগ তুলে কাথাৰে৷ লগতে এই বুলিও কয় যে নিৰ্বাচন অনুস্থিত কৰাটোক আমি বিৰোধিতা কৰা নাই, আমি বিৰোধিতা কৰিছো কেৱল নিৰ্বাচন অনুষ্ঠিত কৰা প্ৰক্ৰিয়াটোক লৈহে৷ আমি বিছাৰো ষষ্ঠ অনুসূচীৰ আধাৰত ভাৰতীয় সংবিধানৰ পেৰাগ্ৰাফ ২(৭) ধৰাৰ অনুযায়ীহে এই নিৰ্বাচন অনুষ্ঠিত হব লাগিছিল বুলি উল্লেখ কৰে কাথাৰে৷ আনহাতে এই সন্দৰ্ভত আগন্তুক নিৰ্বাচনৰ ক্ষেত্ৰত উল্লেখিত সংগঠনকেইটাই কি ব্যৱস্থা অথবা ভূমিকা গ্ৰহন কৰিব সেই সম্বন্ধে পৰৱৰ্তী সময়ত সংগঠনকেইটাই আলোচনাৰ মাজেৰেহে এক সিদ্ধান্ত লব বুলি সাংবাদিকক জানিবলৈ দিয়ে কাথাৰে ৷

Related Articles

Leave a Reply

Close