অসম

গাঁওপঞ্চায়ত পৰ্য্যায়ত উন্নয়নমুলক কামকাজ নিৰীক্ষণৰ ব্যৱস্থ্যা মাজুলীৰ উপায়ুক্তৰ

প্ৰথম খবৰ, মাজুলী: মাজুলীৰ প্ৰতিটো গাঁওপঞ্চায়ত পৰ্য্যায়ত চৰকাৰী উন্নয়নমূলক আৰু কল্যাণমূলক আঁচনি সমুহৰ যথাযথ ৰূপায়ন কৰাত গুৰুত্ব দিছে মাজুলীৰ উপায়ুক্ত পল্লৱ গোপাল ঋাই। পঞ্চায়ত সমুহত বিভিন্ন ফালৰ পৰা গ্ৰহণ কৰা আঁচনি সমূহৰ ৰূপায়ন কাৰ্য্য নিৰীক্ষণৰ লগতে পঞ্চায়ত সমূহৰ পৰিকল্পনা প্ৰস্তুত কৰোতে এনে বিভাগীয় আঁচনি সমুহৰে সমন্বয় ৰক্ষা কৰাত সুবিধা হোৱাকৈ জিলা খনৰ অন্তৰ্গত দুয়োটা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৰাকীক দায়িত্ব অৰ্পণ কৰিছে জিলা উপায়ুক্ত গৰাকীয়ে। এই সন্দৰ্ভত ২৩ মে’ত উপায়ুক্ত ঋাই স্বাক্ষৰ কৰা এক নিৰ্দেশৰ জৰিয়তে মাজুলী আৰু উজনিমাজুলীৰ উন্নয়ন খণ্ডৰ বি ডি অ দুগৰাকীক নিজ নিজ উন্নয়ন খণ্ডৰ এলেকাধীন গাঁও পঞ্চায়ত সমুহত চলিথকা চৰকাৰৰ সকলো বিভাগৰ উন্নয়নমুলক কাম কাজ নিয়মীয়াকৈ নিৰিক্ষণ কৰা লগতে প্ৰতি মাহে উন্নয়ন খণ্ড পৰ্যায়ৰ সমিতিৰ বৈঠক অনুষ্ঠিত কৰিবলৈ কতৃত্ব ন্যস্ত কৰিছে। বি ডি অ দুইগৰাকীয়ে নিজ নিজ উন্নয়ন খণ্ডৰ এলেকাত ৰূপায়িত কাম কাজৰ ক্ষেত্ৰত গাঁও বা ৱাৰ্ড পৰ্যায়ত ৰাইজে দাখিল কৰা ওজৰ আপত্তি পৰীক্ষা কৰাৰ লগতে নিজে ক্ষেত্ৰ পৰিদৰ্শন কৰি কামকাজৰ গুণগত মান সন্দৰ্ভত উপায়ুক্ত ওচৰত প্ৰতিবেদন দাখিল কৰিব লাগিব। কাৰ্য্য ব্যৱস্থাৰ পৰামৰ্শ ১৬ তাৰিখৰ ভিতৰত উপায়ুক্ত ওচৰত দাখিল কৰিব লাগিব।

Related Articles

Leave a Reply

Close