Uncategorizedশীৰ্ষ

গুৱাহাটীৰ আমবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেক্স, প্ৰথম খবৰ: গুৱাহাটীৰ আমবাৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে। গুৱাহাটীত আমবাৰীত থকা প্ৰেছ ক্লাৱৰ সন্মুখৰ এছ কে ভূঞা ৰোডৰ সন্মুখত সংঘটিত হৈছে ভয়াৱহ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও অগ্নিকাণ্ডৰ সময়ত ১৫টা চিলিণ্ডাৰৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডই ভয়াৱহ ৰূপ লৈছে। বাতৰি যুগুত কৰাৰ সময়ত বহুকেইটা বাসগৃহ ভস্মীভূত হোৱাৰ লগতে অঞ্চলটোত সৃষ্টি হৈছে আতংকগ্ৰস্ত পৰিৱেশৰ। একাংশ লোকে চিলিণ্ডাৰ হাতত লৈ বাসগৃহৰ পৰা ওলাই আহিছে। উল্লেখ্য যে, ঘটনাস্থলীৰ সমীপতে আছে মম’ ঘৰ আৰু আমবাৰীৰ পেট্ৰ’ল পাম্প। অগ্নিকাণ্ডৰ বাবেই পেট্ৰ’ল পাম্পটোৰ বিদ্যুত্‍ সংযোগ কৰ্তন কৰা হৈছে। অৱশ্যে বাতৰি যুগুত কৰালৈকে কোনো লোক হতাহত হোৱা নাই।

Related Articles

Leave a Reply

Close