অসমশীৰ্ষ

গুৱাহাটীত ৭২ ঘণ্টা বন্ধ থাকিব ওলা-উবেৰৰ চলাচল, আন্দোলন ঘোষণা চালকৰ

নিউজ ডেক্স, প্ৰথম খবৰঃ গুৱাহাটীত ৭২ ঘণ্টাৰ বাবে বন্ধ হৈ পৰিব ওলা উবেৰৰ চলাচল। ২৯ মে’ৰ পৰা এই ৭২ ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লৈছে ওলা আৰু উবেৰচালকসকলে। দেওবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীত অনুষ্ঠিত চালকসকলৰ এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে চালকসকলে। মূলতঃ ওলা-উবেৰৰ উপাৰ্জন কমি অহাত চালকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবেই এই বৈঠকৰ আয়োজন কৰা হৈছিল। পূৰ্বতকৈ ওলা-উবেৰ চালকসকলৰ দৈনিক ভাট্টা, বানচৰ পৰিমাণ কমাই অনাৰ অভিযোগ আনিয়ে এই ধৰ্মঘট কাৰ্যসূচীৰ আহ্বান দিয়া হৈছে বুলি জানিবলৈ দিছে চালকসকলে। অৱশ্যে আন্দোলনৰ কাৰ্যসূচীৰ পূৰ্বেই চালকসকলৰ দাবী মানি ল’লে আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ সাজু বুলিও মন্তব্য চালকসকলৰ একাংশৰ। উল্লেখ্য যে, গুৱাহাটীত সম্প্ৰতি প্ৰায় ১৬ হাজাৰৰো অধিৰ ওলা আৰু উবেৰ চলি আছে।

Related Articles

Leave a Reply

Close