অসম
গোগামুখত কেন্দ্ৰীয় কৃষি কল্যাণ মন্ত্ৰী ৰাধা মোহন সিং: ২৬ মে’ত কেন্দ্ৰীয় কৃষি গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধান মন্ত্ৰীয়ে

প্ৰথম খবৰ, গোগামুখ: কেন্দ্ৰীয় চৰকাৰে ১৫৫ কোটি টকা ব্যয় সাপেক্ষে গোগামুখত স্থাপন কৰিব লগা নতুন দিল্লীস্থ ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰৰ চৌহদৰ আধাৰশিলা স্থাপন সম্পৰ্কে বুজ ল’বলৈ আজি গোগামুখত উপস্থিত হয় কেন্দ্ৰীয় কৃষি কল্যাণ মন্ত্ৰী ৰাধা মোহন সিং ৷ সিঙে গোগামুখৰ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয়ৰ সভা কক্ষত এক পৰ্যৱেক্ষণমূলক সভাত অংশগ্ৰহণৰ উপৰি সাংবাদিকৰ সৈতে মত বিনিময় কৰে ৷ সিঙে জনোৱা মতে, অসম চৰকাৰে আবণ্টন দিয়া ৫৮৭ একৰ মাটিত স্থাপন কৰিব লগা প্ৰতিষ্ঠানটোৰ আধাৰশিলা ২৬ মে’ত স্থাপন কৰিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ প্ৰতিষ্ঠানটোত ছাত্ৰ-ছাত্ৰী সকলে স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিব পাৰিব ৷ ইয়াৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি ক্ষেত্ৰৰ প্ৰসাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি পথাৰ শস্য, উদ্যান শস্য, কৃষি বনানী কৰণ, পশুপালন আৰু চিকিৎসা, মৌ ৰস উৎপাদন আদিত গুৰুত্ব দিয়া হ’ব ৷ প্ৰাৰম্ভিক অৱস্থাত প্ৰকল্পটোৰ ব্যয় ১৫৫ কোটি ধাৰ্য কৰা হৈছে যদিও সম্পূৰ্ণ প্ৰকল্পটো ব্যয় দুই হাজাৰ কোটি অতিক্ৰম কৰাৰ কথা ব্যক্ত কৰে মন্ত্ৰী গৰাকীয়ে৷ সিঙে আধাৰশিলা স্থাপনৰ স্থলীও পৰিদৰ্শন কৰে ৷ আজিৰ পৰ্যালোচনা সভাত ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগু, কৃষি মন্ত্ৰী অতুল বৰা, মিচিং পৰিষদৰ নৱ মনোনিত মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েংগীয়া, ধেমাজি জিলা উপায়ুক্ত সহ ভালে সংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷