অসম

গোসাঁইগাঁৱৰ গাৰ্ডেনপুৰত খহনীয়া প্ৰতিৰোধৰ বাবে বান্ধ নিৰ্মাণৰ শুভাৰম্ভ

প্ৰথম খবৰ, শ্ৰীৰামপুৰ: কোকৰাঝাৰ পশ্চিম বিধান সভা সমষ্টিৰ অন্তৰ্গত গাৰ্ডেন পুৰত গুৰুফেলা নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে বান্ধ নিৰ্মাণ কামৰ শুভাৰম্ভ বি টি চিৰ বিভাগীয় কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে। সমষ্টিটোত থকা নৈ- উপনৈয়ে সমষ্টিটোৰ বিভিন্ন অঞ্চলত খহনীয়াৰ সৃষ্টি কৰি ৰাইজৰ বহুতো কৃষি ভূমি বিনষ্ট কৰাৰ লগতে বহুতোৰ ঘৰ- বাৰী নদীৰ বুকুত বিলিন হৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ উদ্যোগত আৰু বি টি চিৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীৰ তৎপৰতাত সমষ্টিটোৰ গাৰ্ডেনপুৰ, তুৰিবাৰী আৰু টাণ্ডা বজাৰত খহনীয়া প্ৰতিৰোধৰ বাবে বান্ধ নিৰ্মাণৰ শুভাৰম্ভ কৰে কাৰ্যবাহী সদস্য জনে। আজি পুৱা গাৰ্ডেনপুৰৰ সমীপত গুৰুফেলা নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৯৩•৭ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বান্ধৰ কামৰ শুভাৰম্ভ কৰি কাৰ্যবাহী সদস্য জনে কয় যে আগন্তুক দিনত বি টি চিৰ যি বিলাক অঞ্চলত খহনীয়াৰ ফলত ৰাইজৰ ক্ষতি সাধন হৈছে সেই সমূহ অঞ্চলত বি টি চি চৰকাৰে পৰ্যায় ক্ৰমে খহনীয়া প্ৰতিৰোধৰ বাবে দায়বদ্ধ। আজিৰ বান্ধ নিৰ্মাণ কামৰ শুভাৰম্ভ কৰাৰ সময়ত স্থানীয় বিধায়ক ৰবিৰাম নাৰ্জাৰী, কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বিবেকানন্দ চৌধুৰী আৰু জলসম্পদ বিভাগৰ উচ্চ পদস্ত বিষয়া উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close