অসম

গোসাঁইগাঁৱৰ বংগ সীমান্তত বংগ আৰক্ষীৰ সহযোগত ট্ৰাকৰ পৰা অবৈধ ধন সংগ্ৰহ

প্ৰথম খবৰ,শ্ৰীৰামপুৰ: গোসাঁইগাঁও মহকুমাৰ অসম বংগ সীমান্তৰ বংগৰ সোণকোষ নদীৰ সমীপত বংগ আৰক্ষীৰ সহযোগত মানি চেৰেটিবল ট্ৰাষ্ট নামৰ এটি সংস্থাই  ট্ৰাক চালকৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ কৰাৰ ঘটনাই ট্ৰাক চালক সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সংস্থাটোয়ে প্ৰতিখন ট্ৰাকৰ পৰা তিনিশ টকা (৩০০) আদায় লোৱাৰ পৰিৱৰ্তে এখন কৈ ষ্টিকাৰ দিয়ে। চালকে দাবী কৰা মতে, তেওঁলোকক ধন আদায় দিয়াৰ পৰিৱৰ্তে মাৰপিট কৰি বলপূৰ্বক টকাহে সংগ্ৰহ কৰে। এই কাৰ্যত বংগ আৰক্ষীয়ে পূৰ্ণ সহযোগিতা কৰাৰ অভিযোগ উঠিছে। ৰাষ্ট্ৰীয়ঘাইপথত এনেধৰণে ধন সংগ্ৰহ কৰাৰ পাছতো বংগ প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাজ্য শাসনৰ গাদীত থকা তৃণমূল কংগ্ৰেছ চৰকাৰৰ সমালোচনা কৰিছে বৌদ্ধিক মহলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close