অসম

গৌৰীপুৰত দাউদাউকৈ জ্বলি উঠিল চলন্ত চাউলভৰ্তি ট্ৰাক, কোনোমতে প্ৰাণৰক্ষা ড্ৰাইভাৰ-হেন্দিমেনৰ

প্ৰথম খবৰ, চাংসাৰি: কামৰূপ জিলাৰ গৌৰীপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এক অঘটন সংঘটিত হয়। গৌৰীপুৰ আৰক্ষী চকীৰ সমীপতে এখন চাউলভৰ্তি চলন্ত ট্ৰাক আবেলি ৪ মান বজাত দাউদাউকৈ জ্বলি উঠে। জানিবপৰা অনুসৰি চাংসাৰিৰ ভাৰতীয় খাদ্য নিগমৰ গুডামৰপৰা গুৱাহাটী অভিমুখে গৈ থকা এ এছ ০১ ইচি ৮০৭৯ নম্বৰৰ চলন্ত ট্ৰাকখন উত্তৰ গুৱাহাটী আৰক্ষী চকী ( গৌৰীপুৰ) সমীপতে গৌৰীপুৰৰ জিএনআৰচি লৈ যোৱা পথৰ সন্মুখত জ্বলি উঠে। গাড়ীখনত ইঞ্জিনৰ বেমেজালিৰ বাবে এই অঘটনটো সংঘটিত হৈছে বুলিও প্ৰত্যক্ষদৰ্শীয়ে সন্দেহ প্ৰকাশ কৰে। চলন্ত ট্ৰাকখনত জুই জ্বলি উঠাৰ লগে লগে অঞ্চলটোত হুৱাদুৱা লাগি উঠে। গাড়ীখনৰ চালক আৰু হেন্দিমেন কোনোমতে গাড়ীৰ পৰা ওলাই প্ৰাণ ৰক্ষা কৰে। ট্ৰাকখন জ্বলি উঠি হুৱাদুৱা লগাৰ লগে লগে গৌৰীপুৰৰ বহুতো লোক ঘটনাস্থলীত উপস্থিত হৈ বাল্টি, চৰিয়া আদি বিভিন্ন পাত্ৰৰে পানী নিক্ষেপ কৰি জুই নুমুৱাবলৈ সক্ষম হয়। এই কাৰ্যত যানবাহন নিয়ন্ত্ৰণ কৰাৰ লগতে ৰাইজক কিছু পৰিমাণে উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ আৰক্ষীয়ে সহায় আগবঢ়াই যদিও উপস্থিত ৰাইজৰে জুই নুমুৱাবলৈ সক্ষম হয়। এই অগ্নিকাণ্ডৰ ফলত ট্ৰাকখনৰ যথেষ্ট ক্ষতিসাধন হয়। উল্লেখ্য যে ৰাইজৰ সহযোগিতাৰ বাবেই অঞ্চলটোত এক ডাঙৰ দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰে।

Related Articles

Leave a Reply

Close