অসম

চামগুৰিত কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

প্ৰথম খবৰ,বঢ়মপুৰ,১৫ মে’: ৰাজ্যত পঞ্চায়ত নিৰ্বাচন যিমানে কাষ চাপিছে সিমানে অধিক স্পৰ্শকাতৰ হৈ পৰিছে চামগুৰিৰ ৰাজনৈতিক পৰিবেশ। নিশা চামগুৰিত পুনৰ কংগ্ৰেছ-বিজেপিৰ সংঘৰ্ষক কেন্দ্ৰ কৰি উত্তেজনাপূৰ্ণ পৰিস্থিতি। চামগুৰিৰ লাৰিমুখত সংঘটিত সংঘৰ্ষত আহত এজন বিজেপি কৰ্মী। স্থানীয় পাচ কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে বিজেপি কৰ্মীজনক আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে। লৰিমুখৰ মূল পথচোৱাৰে নিশা জয়নলুদ্দিন নিজ ঘৰ অভিমুখে আহি থকাৰ সময়তে আগচি ধৰি পাচ জন কংগ্ৰেছ কৰ্মীয়ে আৰম্ভ কৰিছিল আক্ৰমণ। পিছত স্থানীয় লোকৰ তৎপৰতাত গুৰুতৰ ভাৱে আহত জয়নল উদ্দীনক ততাতৈয়াকৈ কাৱৈমাৰি চিকিৎসালত ভৰ্তি কৰোৱা হয়। অৱশ্যে বৰ্তমান আহত জয়নলুদ্দিন ৰ স্বাস্থ্যৰ অৱস্থা সংকতমুক্ত বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে।

Related Articles

Leave a Reply

Close