অসম

চামগুৰিত পিঞ্জৰাবদ্ধ কৰিব নোৱাৰিলে বন ৰজাক:কথমপি প্ৰাণ ৰক্ষা চাৰিজন সাংবাদিকৰ

প্ৰথম খবৰ,বঢ়মপুৰ: চামগুৰিত এইবাৰ বন্যহস্তীয়ে নহয় বনৰজাই সৃষ্টি কৰিছে তীব্ৰ আতংক। বনৰজাৰ আক্ৰমণত আহত দুজনকৈ যুৱক। চামগুৰিৰ ননৈ চাহ বাগিছাত কাম কৰি থকাৰ অৱস্থাত আক্ৰমণ কৰিলে যুৱক দুজনক। যুৱক দুজন আলফেছ লাখৰা আৰু ৰঞ্জিত লোহাৰ। গুৰুতৰভাৱে আহত দুয়োজন যুৱককে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে। আনহাতেদি বাঘৰ আক্ৰমণৰ পৰা কথমপিহে ৰক্ষা পৰিল বৈদ্যুতিক মাধ্যমৰ চাৰিজন সাংবাদিক । উল্লেখ্য যে, নাহৰফুটুকী বাঘটোৱে প্ৰথম জন যুৱকক আহত কৰাৰ পিছতে চামগুৰি আৰক্ষীৰ সহযোগত শালনা আঞ্চলিক বন বিভাগে বাঘ খেদাৰ ব্যৱস্থা কৰিছিল যদিও পুনৰ বাঘেটোৱে আক্ৰমণ কৰে আনজন যুৱকক। সন্ত্ৰাস সৃষ্টি কৰা বাঘটো আঘাতপ্ৰাপ্ত বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। উপায়ন্ত হৈ বন বিভাগৰ লোকে বাঘটোক পিঞ্জৰাবদ্ধ কৰিবৰ বাবে তেজপুৰৰ পৰা পিঞ্জৰা অনাৰ ব্যৱস্থা কৰি পিঞ্জৰা স্থাপন কৰে যদিও ব্যৰ্থ হয় ইফালে বাঘটোক কেন্দ্ৰ কৰি ননৈ চাহ বাগিছাত সম্প্ৰতি তীব্ৰ আতংকই বিৰাজ কৰিছে।

Related Articles

Leave a Reply

Close