অসমশীৰ্ষ

চিৰাঙত পথ দূৰ্ঘটনাত এজন নিহত: উত্তেজিত ৰাইজে জ্বলালে ট্ৰাক

প্ৰথম খবৰ,চিৰাং, বঙাইগাঁও,১১ মে’: আজি আবেলি প্ৰায় ৪:৩০ বজাত চিৰাং জিলাৰ চাপাগুৰিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় থানেশ্বৰ ৰায় নামৰ এজন লোক আৰু গুৰুতৰভাৱে আহত হয় থানেশ্বৰ ৰায়ৰ ৭ বছৰীয়া নাতি সৌৰভ ৰায় ৷ দুয়ো স্কুটিত গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। ঘটনাৰ পিছত ক্ষুদ্ধ ৰাইজে জ্বলাই দিয়ে ট্ৰাকখন । উত্তেজিত লোকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ট্ৰাক চালক আৰু ট্ৰেফিক পুলিচ। আৰক্ষী আৰু অগ্নিনিৰ্ব্বাপক বাহিনী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close