Uncategorizedবিনোদনশীৰ্ষৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

চেলিব্ৰেটীৰ শ্ব’ চাবলৈ চেলিব্ৰেটীৰ ভিৰ

প্ৰথম খবৰ, মুম্বাইঃ মুম্বাইৰ ডিৱাই পাটিল ষ্টেডিয়ামত জাষ্টিন বিবাৰৰ সংগীতানুষ্ঠানক কেন্দ্ৰ কৰি প্ৰায় দেশজুৰি চৰ্চা চলিছে অনুৰাগীৰ মাজত। মাত্ৰ ২৩ বছৰ বয়সতে বিশ্বজোৰা খ্যাতি অৰ্জন কৰা বিবাৰৰ সংগীতানুষ্ঠান প্ৰথমবাৰৰ বাবে মুম্বাইত অনুষ্ঠিত হৈছে। আৰু সেই অনুষ্ঠানত দেখা গৈছে বলিউডৰ বহু চেলিব্ৰেটীৰ ভিৰ। কন্যা খুছীক লগত লৈ অনুষ্ঠান উপভোগ কৰিবলৈ আহিছে অভিনেত্ৰী শ্ৰীদেৱী আৰু স্বামী বনী কাপুৰে। মালাইকা অৰোৰা, আৰবাজ খান, আলিয়া ভাট, ৰবীনা টেণ্ডন, অৰ্জুন ৰামপালৰ পৰা আৰম্ভ কৰি বহুতকে সন্তানৰ সৈতেও দেখা গৈছে জাষ্টিন বিবাৰৰ সংগীতানুষ্ঠানত। তদুপৰি জেকুলিন, অনুমালিক, ৰেম’ ডিছুজা, আয়ান মুখাৰ্জী, ৰোহিত ৰয়, আৰমান মালিক আদিকো দেখা গৈছে ষ্টেডিয়ামত। এগৰাকী জনপ্ৰিয় গায়কৰ অনুষ্ঠানত এনেকৈ বলিউডৰ গায়ক, সংগীত পৰিচালক, অভিনেতাৰ পৰা ৰাজনৈতিক নেতাৰো ভিৰ পৰিলক্ষিত হৈছে। পৰিয়ালৰ সৈতে দেখা গৈছে অভিনেত্ৰী সোণালী বেন্দ্ৰেকো। উল্লেখ্য যে, জাষ্টিন বিবাৰৰ মুম্বাইত অনুষ্ঠিত কনচাৰ্টৰ টিকটৰ মূল্য হৈছে পাঁচ হাজাৰ টকাৰ পৰা ৭৬ হাজাৰ টকা পৰ্যন্ত। মুম্বাইৰ এই অনুষ্ঠানত প্ৰায় ৫৫ হাজাৰ দৰ্শকে একেলগে উপভোগ কৰিছে বিবাৰৰ সংগীতানুষ্ঠান।

Related Articles

Leave a Reply

Close