অসম

ছিপাঝাৰত ৰাইজে নিজেই নিৰ্মাণ কৰিলে পথ

প্ৰথম খবৰ,দেওমৰনৈ: দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত লোজোৰা কৈকৰা জলজলী দেওমৰনৈ সংযোগী পথৰ অৱস্থা এতিয়া জৰাজীৰ্ণ। নিতৌ স্কুল কলেজলৈ আহে ছাত্ৰ ছাত্ৰী এই পথটোৰে। এই পথটোৰে অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীৰ লগতে পথচাৰীসকলে দুৰ্ঘটনাত পতিত হৈ আহিছে এই জৰাজীৰ্ণ পথটোত। ১৫ টা বছৰে শাসনৰ গাদীত থাকিও কোনো ব্যৱস্থা নকৰাৰ পিছতে পৰিবতৰ্ন ৰ শ্লোগানেৰে এতিয়াৰ চৰকাৰখনত অন্তৰ্ভুক্তি হৈ আকৌ বিধায়কৰ আসনত বহিল কিন্তু ৰাইজে আবেদন জনায়ও তেওঁৰ গা লৰাব নোৱাৰিলে। শেষত সকলো আশা নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিক মষিমুৰ কৰি আজি ৰাইজে নিজেই পথটো মেৰামতি কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিধায়ক জনৰ ওপৰত ক্ষোভ উজাৰে। এতিয়া ৰাইজৰ প্ৰশ্ন আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সময়ত কি প্ৰতিশ্ৰুতি লৈ আহিব ৰাইজৰ ওচৰত বিধায়ক তথা বৰ্তমানৰ চৰকাৰখনে সেয়াহে লক্ষণীয় হব ৷

Related Articles

Leave a Reply

Close