অসম

চুটি ছবি প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰীলৈ

প্ৰথম খবৰ,তেজপুৰ: বিশ্ব ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি অসম ডনবস্ক’ বিশ্ববিদ্যালয়ে অলপতে আয়োজন কৰা ই-ইভেন্ট “Shout Out to green World” ছুটী ছবি নিৰ্মান প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰী বাৱলি মণ্ডল আৰু চাদিকা এচলস্কৰে বিশ্ববিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে ৷ তেওঁলোক দুয়োগৰাকী গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰী। সেউজ পৃথিবী আৰু পৰিবেশ বিষয়ক চুটী ছবি নিৰ্মানৰ প্ৰতিযোগিতাখনিত অংশ লোৱা ছাত্ৰীদুগৰাকীৰ চুটী ছবিৰ মূল বিষয়বস্তু আছিল “প্ৰদূষণ”। নিৰ্বনানীকৰণ, প্ৰদূষণ, খহনীয়া, পানীৰ অভাৱ ইত্যাদি বিষয়সমুহৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজিত এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ছবিখন ইতিমধ্যে ইন্টাৰনেটৰযোগেদি বিশ্ববাসীৰ সমুখত তুলি ধৰা হৈছে। উল্লেখ্য যে এই প্ৰতিযোগিতাত অসম আৰু ভাৰতৰ বাহিৰেও বিদেশৰ বহু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close