অসম

জখলাবন্ধাত আটক ৫ চোৰাং চিকাৰী

প্ৰথম খবৰ,কলিয়াবৰ: জখলাবন্ধা আৰক্ষীৰ জালত ৫ চোৰাং চিকাৰী। ধৃত চোৰাং চিকাৰী কেইজনৰ নাম ইব্ৰাহিম আলি, আব্দুল চাত্তাৰ,আখতাৰ আলি আৰু আব্দুল হক। আনজনৰ নাম আৰক্ষীয়ে জনোৱা নাই। ধৃত চোৰাং চিকাৰীৰ জিম্মাৰ পৰা থ্ৰি নট থ্ৰি ৰাইফল আৰু পিষ্টলৰ ভালে সংখ্যক গুলী আৰক্ষীয়ে উদ্ধাৰ কৰিছে। কাজিৰঙাত গঁড় হত্যাৰ উদ্দ্যেশ্যে চোৰাং চিকাৰীৰ দলটি আহিছিল বুলি আৰক্ষীয়ে জানিব দিয়ে।

Related Articles

Leave a Reply

Close