সমীক্ষা

জনপ্ৰিয় এংকৰ কোন? অনুপম চক্ৰৱৰ্তী, নন্দন প্ৰতিমক চেৰ পেলাই আগবাঢ়িছে ঋতুস্মিন

নিউজ ডেস্ক, প্ৰথম খবৰ: প্ৰথম খবৰে আৰম্ভ কৰা বৰ্তমান অসমৰ আটাইতকৈ জনপ্ৰিয় এংকৰৰ সমীক্ষাত এতিয়ালৈ আগবাঢ়ি আছে আছাম টকছৰ ঋতুস্মিন শৰ্মা। শুকুৰবাৰে দিনৰ এক বজালৈ ২0 শতাংশ ভোটেৰে প্ৰথম স্থান দখলৰ দৌৰত আগবাঢ়িছে ঋতুস্মিন শৰ্মা। নিজস্ব শৈলীৰে অসমবাসীৰ মাজত এখন আসন সৃষ্টি কৰিবলৈ সক্ষম হোৱা অনুপম চক্ৰৱৰ্তী আছে দ্বিতীয় স্থানত। অসমীয়া চেনেলৰ angry man ৰূপে খ্যাত নন্দন প্ৰতিম শৰ্মা বৰদলৈ এই পৰ্যন্ত তৃতীয় স্থানত আছে। ১৮গৰাকী এংকৰক সামৰি অনুষ্ঠিত কৰা এই সমীক্ষাত পৰৱৰ্তী স্থানত আছে ক্ৰমে চক্ৰপাণি পৰাশৰ, কুমুদ দাস, ছায়ামণি ভূঞা, ৰাজদ্বীপ বাইলুং বৰুৱা, দীপক শৰ্মা, ৰশ্মিতা গোস্বামী, প্ৰণয় বৰদলৈ, নিপ কুমাৰ বৰুৱা, প্ৰাণজিত শইকীয়া,  শোণিত ভূঞা, স্নিগ্ধাশিখা, সুনীল বৰা, প্ৰাঞ্জল ফুকন, দেৱজিত ভূঞা, ধ্ৰুৱ মহন্ত। উল্লেখ্য যে মঙলবাৰে নিশা ১২ বজালৈ ভোটিং মুকলি থাকিব।

Related Articles

4 thoughts on “জনপ্ৰিয় এংকৰ কোন? অনুপম চক্ৰৱৰ্তী, নন্দন প্ৰতিমক চেৰ পেলাই আগবাঢ়িছে ঋতুস্মিন”

Leave a Reply

Your email address will not be published. Required fields are marked *

Close