অসম

জাগুনত ৭৯ টা সন্দেহযুক্ত চোৰাং গৰু জব্দ: ৫ জনক আটক

প্ৰথম খবৰ, জাগুন : তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত তিনি নং উদয়পুৰ তিনিআলিত স্থানীয় ৰাইজৰ প্ৰচেষ্টাত ৭৯ টা সন্দেহযুক্ত গৰুসহ ৫ জন গৰু সৰবৰাহকাৰী লোকক সোধপোচৰ বাবে আটক কৰিবলৈ সক্ষম হৈছে লেখাপানী আৰক্ষীয়ে । তেওঁলোক হ’ল- মাৰ্ঘেৰিটাৰ নছাদ আলী, ৰীজানুন খান, আকতৰ খান, পাপু আলি আৰু আব্দুল ৰহমান ওৰফে চফু । উল্লেখযোগ্য যে,বৰডুমচা পুৰণি পুখুৰী পঞ্চায়তৰ পৰা অন্তগত মাধৱপুৰ সপ্তাহিক বজাৰ এখনৰ পৰা এই কেইজন লোকে আজি ৭৯ টা গৰু লগত লৈ মাৰ্ঘেৰিটা অভিমুখে আহি থকাৰ সময়ত উদয়পুৰবাসীৰ মনত সন্দেহ উপজাত তেওঁলোকে সোধপোচ কৰাত গৰু বেপাৰী কেইজনে প্ৰথমে নথি-পত্ৰসমূহ উলিয়াব পৰা নাছিল যদিও পাছত ভুৱা বুলি প্ৰমাণিত হয়। লগতে তেওঁলোকৰ হাতত নাছিল কোনো পশু পালন বিভাগৰ নথি- পত্ৰ । সম্প্ৰতি ৭৯ টা গৰু লেখাপানী আৰক্ষী থানা চৌহদত জমা কৰি ৰখা হৈছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close