অসম

জাপানিজ এনকেফ্লাটিছত প্ৰাণ গ’ল এজন চফল যুৱকৰ

প্ৰথম খবৰ, মৰিয়নি: জাপানিজ এনকেফ্লাটিছ প্ৰতিৰোধৰ বাবে চৰকাৰে প্ৰতিষেধকৰ ব্যৱস্থা কৰিছে যদিও চিকিৎসকৰ হেমাহীৰ বাবেই প্ৰাণ গ’ল এজন চফল যুৱকৰ।
জাপানিজ এনকেফ্লাটিছৰ পদুৰ্ভাৱৰ আশংকা কৰি সমগ্ৰ ৰাজ্যতে পৰ্য্যায়ক্ৰমে প্ৰতিষেধকৰ ব্যৱস্থা কৰিছে। এনে পৰিস্থিতিতো কিন্তু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ  অমনোযোগিতা যাৰ বাবে প্ৰাণ গ’ল এজন চফল যুৱকৰ। মৰিয়নিৰ সোণোৱাল চাহ বাগিচাৰ নাগধূলি নিবাসী বদন চামাছি ১৯বছৰীয়া পুত্ৰ কৃষ্ণ চামাছি জ্বৰত ভুগি থকাৰ বাবে যোৱা ২২ এপ্ৰিলৰ দিনা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে। কিন্তু পৰিয়ালৰ অভিযোগ ডাক্টৰৰ হেমাহীৰ বাবে হওঁক বা উপযুক্ত পৰীক্ষা নিৰীক্ষাৰ অভাৱতে  যুৱক জনৰ মৃত্যু হোৱা বুলি কয়। প্ৰকৃত চিকিৎসাৰ অবিহনে যুৱক জনে যোৱা নিশা মৃত্যুক সাৱটি লয়। যুৱক জনৰ মৃত্যুয়ে সমগ্ৰ অঞ্চল জুৰি তীব্র আতংকৰ সৃষ্টি কৰিছে। মহৰ পৰা হোৱা এই ৰোগৰ সময়মতে চৰকাৰে যদি প্ৰতিকাৰ নকৰে অন্যান্য অঞ্চললৈ বিয়পাৰ লগতে বহু লোকৰ প্ৰাণহানি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close