অসম

জামুগুৰিহাটৰ সন্ধানহীন ব্যক্তিৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

প্ৰথম খবৰ, জামুগুৰিহাট, ১৯ মে’: শোণিতপুৰ জিলাৰ ইটাখোলাস্থিত দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰ্যালয় সহায়ক চীতাৰাম দাস (৫৫) নামৰ সন্ধানহীন ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি, জামুগুৰিহাটৰ শেণছোৱা গাঁওৰ বাসিন্দা চীতাৰাম দাসে পত্নী-পুত্ৰসহিতে ডেকাসুন্দৰ গাঁওৰ এটা ভাড়াঘৰত বাস কৰিছিল৷ কিন্তু কিছুদিনৰ পৰা ৰোগত আক্ৰান্ত হৈ থকা চীতাৰাম দাস হঠাৎ যোৱা ১৫ মে’ৰ নিশাৰ পৰা ৰহস্যজনক ভাৱে সন্ধানহীন হৈ থকাত পৰিয়ালবৰ্গ চিন্তিত হৈ পৰাৰ সময়তে কালি সন্ধিয়া ডেকাসুন্দৰস্থিত ভাড়াঘৰৰ পিছফালে থকা পিতনিত ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ হয়৷ বাতৰি লিখা পৰলৈকে মৃত্যুৰ কাৰণ পোহৰলৈ অহা নাই যদিও স্থানীয় আৰক্ষীয়ে মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷

Related Articles

Leave a Reply

Close