অসম

জাহানাৰাই দৰিদ্ৰতাক নেওচি আৰবীত সৰ্বোচ্চ নম্বৰ লাভ

প্ৰথম খবৰ, যোগীঘোপা: দৰিদ্ৰতা সাফল্যৰ কেতিয়াও হেঙাৰ হ’ব নোৱাৰে ৷ এই কথা প্ৰমাণ কৰিলে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ঔডুবী হাই মাদ্ৰাছাৰ ছাত্ৰী জাহানাৰা খাতুনে ৷ আজি ঘোষিত হোৱা অসম হাই মাদ্ৰাছৰ শিক্ষান্ত পৰীক্ষাৰ পাঁচটা বিষয়তেই লেটাৰ মাৰ্কসহ এৰাবিকত ৯৯ নম্বৰ লাভ কৰি ৰাজ্যৰ হাই মাদ্ৰাছা সমূহৰ ভিতৰত আৰবীত সৰ্বোচ্চ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ ৷ জাহানাৰাৰ দেউতাকেও খেতি কৰি পৰিয়াল পোহপাল দিয়ে ৷ অতি কষ্টৰে টিউচন নকৰাকৈয়ে এই ফলাফল লাভ কৰিবলৈ সক্ষম হয় ৷ অতি দুখীয়া জাহানাৰাৰ এই ফলাফলত উল্লাসিত হৈ পৰিছে যোগীঘোপাৰ অঞ্চলবাসী। উত্তৰ শালমাৰা জিলা আমছুৱে জাহানাৰাৰ সফলতাৰ খবৰ পাই সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close