অসম

জিলা উপায়ুক্তৰ বিৰুদ্ধে জিলাজুৰি বন্ধ পালন : বদলি নকৰা পৰ্যন্ত চলি থাকিব আমৰণ অনশন

প্ৰথম খবৰ, হাটশিঙিমাৰী: দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ উপায়ুক্ত কৰুণা কুমাৰীক এইখন জিলাৰ পৰা বদলি কৰাৰ দাবীত জিলাখনৰ ১৮ টা সংগঠন আৰু ৰাইজৰ সহযোগত অহা ২৩ মে’ ৰাতিপুৱা ৪ বজাৰ পৰা ২৪ মে ৰাতিপুৱা ৪ বজালৈ জিলা বন্ধৰ বাবে এক গোহাৰী প্ৰকাশ কৰা হৈছে।নতুন জিলা দক্ষিণ শালমাৰা মানকাচাৰ জিলাত কৰুণা কুমাৰী উপায়ুক্তৰ দায়িত্ব লাভ কৰাৰ পিছৰে পৰা জিলা খনৰ সকলো উন্নয়ন বন্ধ হৈ পৰাৰ লগতে তেওঁ জধে মধে যাৰ তাৰ নামত গোচৰ ৰুজু কৰিবলৈ আৰম্ভ কৰাৰ লগতে ৰাইজৰ সৈতে উপায়ুক্ত গৰাকীয়ে অশালীন ব্যৱহাৰ কৰা বুলি সকলোৱে অভিযোগ তুলিছে। সাংবাদিক সকলৰ লগতো বেয়া ব্যৱহাৰ কৰাৰ লগতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰি আহিছে বুলি অভিযোগ উঠিছে।

Related Articles

Leave a Reply

Close