অসম

টীয়ক নগৰ সমিতি আৰু যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত ৰাজহুৱা সভা সম্পন্ন

প্ৰথম খবৰ,টীয়ক:প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা আচনিৰ অধীনত ২০২২ চনৰ ভিতৰত সকলো কেঁচা গৃহ পৰ্যায়ক্ৰমে পকী কৰাৰ যি সংকল্প লৈছে সেই সংকল্পক বাস্তৱ ৰূপ দিয়াৰ লক্ষ্যৰে টীয়ক নগৰ সমিতিৰ কাৰ্যালয়ত আজি এখন অতি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ এই সভাত নগৰ সমিতিৰ কাৰ্যবাহী বিষয়া ভাস্কৰজ্যোতি ৰাজবংশীয়ে উদ্দেশ্য দাঙি ধৰে ৷ নগৰ সমিতিৰ সভাপতি ৰফিক উজ জামান ডাঙৰীয়াই সভাপতিত্ব কৰা এই সভাত বিশেষভাৱে উপস্থিত থাকে অসামৰিক অভিযন্ত্ৰা অন্টু বৰা, জিলা সমন্বয়ক ৰুপক গগৈ, সমাজকৰ্মী জগন্নাথ অগ্নি বৰা আৰু মৃদুল দত্ত ৷ এই সভাত হিতাধীকাৰী সকল উপস্থিত থকাৰ লগতে নগৰৰ অধীনস্থ বিদ্যালয়, মহাবিদ্যালয় সমূহৰ মূৰব্বী, সামাজিক কেইবাটাও অনুষ্ঠানৰ মূৰব্বী, অংগনৱাদী কেন্দ্ৰ সমূহৰ কৰ্মী, সংবাদকৰ্মী, জ্যেষ্ঠ নাগৰিক সন্থাৰ বিষয়ববীয়াসকল ৷ ৱাৰ্ড কমিচনাৰ অভিজিৎ বৰুৱাই আঁত ধৰা এই সভাত প্ৰায় দুই শতাধিক লোক উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close