অসম

টুক্ৰাপাৰাত চুৰি: চাৰি লক্ষাধিক টকা লুট

প্ৰথম খবৰ, সোণতলী,১০ মে: কামৰূপ জিলাৰ গৰৈমাৰীৰ টুক্ৰাপাৰাত যোৱা নিশা সংঘটিত হোৱা এক চুৰি কাণ্ডত প্ৰায় চাৰি লক্ষাধিক টকা চোৰে লুট কৰি লৈ যায় ৷ জানিব পৰামতে, গৰৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত টুক্ৰাপাৰা গাঁও নিৱাসী ছোবাহান আলীৰ ঘৰৰ যোৱা নিশা চোৰে খিৰিকীৰ আয়না ভাঙি ভিতৰত প্ৰৱেশ কৰি আলমিৰাৰ তলা ভাঙি নগদ চাৰি লাখ ২৫ হাজাৰ টকা চুৰি কৰি লৈ যায় ৷ ঘটনা সন্দৰ্ভত আজি ছোবাহান আলীয়ে গৰৈমাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷

Related Articles

Leave a Reply

Close