অসম

ডাক বিভাগৰ চৰম গাফিলতিত এগৰাকী ছাত্ৰী প্ৰৱেশিকা পৰীক্ষাৰ পৰা বঞ্চিত

প্ৰথম খবৰ, শ্ৰীৰামপুৰ: ভাৰতীয় ডাক বিভাগৰ চৰম গাফিলতি আৰু দায়িত্বহীনতাৰ ফলত এগৰাকী ছাত্ৰী চেণ্ট্ৰাল ইনস্টিটিউট অৱ টেকনল’জি (চি আই টি)ৰ প্ৰৱেশিকা পৰীক্ষা দিব পৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে। চি আই টি ৰ প্ৰৱেশিকা পৰীক্ষাৰ পৰা বঞ্চিত ছাত্ৰী গৰাকীৰ অভিভাৱকে উত্থাপন কৰা অভিযোগ মতে,ডাক বিভাগৰ কোকৰাঝাৰস্থিত কাৰ্যালয়ৰ সংশ্লিষ্ট কৰ্মচাৰীৰ চৰম গাফিলতিৰ বাবে চি আই টি ত ভৰ্তি হ’বলৈ ইচ্ছুক ছাত্ৰী গৰাকীয়ে সময়মতে এডমিট লাভ নকৰাত গুৰুত্বপূৰ্ণ পৰীক্ষা দিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে, গোসাঁইগাঁও মহকুমাৰ শিমলুটাপু গাঁৱৰ বাসিন্দা তথা প্ৰতিদিন টাইমৰ সাংবাদিক কামাখ্যা সৰকাৰৰ কন্যা ধৃতিদীপা সৰকাৰে কোকৰাঝাৰস্থিত চেণ্ট্ৰাল ইনস্টিটিউট অৱ টেকন’লজিত ভৰ্তিৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰি প্ৰ-পত্ৰখন কোকৰাঝাৰ চি আই টিত জমা দিছিল। কিন্তু পৰীক্ষাৰ বাবে প্ৰয়োজনীয় এডমিট কাৰ্ড নোপোৱা বাবে হতাশ হৈ পৰে।কিন্তু পৰীক্ষাৰ পাছদিনা(১৬মে’) এডমিট খন ছাত্ৰীগৰাকীয়ে লাভ কৰাত হতাশা এতিয়া ক্ষোভ লৈ পৰ্যবসিত হৈছে। জানিব পৰা মতে, যোৱা ১৪ মে’ত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ এডমিট কাৰ্ডখন চি আই টি কৰ্তৃপক্ষই যোৱা ৫ মে’ তাৰিখে ডাক বিভাগৰ স্পিডপোষ্টৰ জড়িয়তে শিমুলটাপুলৈ প্ৰেৰণ কৰিছিল। কোকৰাঝাৰ জিলা সদৰ চহৰৰ পৰা জিলাখনৰ ৫০ কিলোমিটাৰ দূৰত থকা শিমুলটাপু লৈ চিঠিখন প্ৰেৰণ কৰাত ডাক বিভাগে দীৰ্ঘ ১২ দিন সময় লৈছে। ডাক বিভাগৰ চৰম গাফিলতি আৰু দায়িত্বহীনতাৰ বাবে ছাত্ৰী গৰাকীয়ে এই গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হোৱাৰ ঘটনাই শিক্ষাপ্ৰেমী ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কি কাৰণত একেখন প্ৰদেশৰ একেখন জিলাৰ সদৰ চহৰৰ পৰা কেৱলমাত্ৰ ৫০ কিলোমিটাৰ দূৰত পত্ৰ এখন প্ৰেৰণ কৰাত ১২ দিন সময় লাগিল সেয়াই ক্ষুব্ধ অভিভাৱকৰ প্ৰশ্ন।

Related Articles

Leave a Reply

Close