অসম

ঢকুৱাখনাত বিগত ২৫ টা বছৰেও উন্নয়নে ঢুকি নোপোৱা গাঁও

প্ৰথম খবৰ, ঢকুৱাখনা: বিগত ২৫ টা বছৰেও উন্নয়নে ঢুকি নোপোৱা এখন গাঁও। ঢকুৱাখনা মহকুমা অন্তৰ্গত বাঘমৰা বৰ্ষামুখ গাঁও পঞ্চায়তৰ ভাটি কেকুৰী, ছেলাজান কছাৰি আৰু বাঘমৰা এই গাওঁ কেইখনত বিগত ২৫ বছৰেও কোনো উন্নয়নে ঢুকি নাপালে গাঁওবাসীক । বছৰ বছৰ ধৰি পৰিতক্ত ৰূপত আছে এই দলংখন । উল্লেখ্য যে এই দলংখনৰ পৰা পৰি কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে এই গাওঁখনত । কিন্তু পৰিতাপৰ বিষয় এইটোৱেই যে অতি গুৰুত্বপূৰ্ণ এই দলংখন আজি পৰ্যন্ত এজনো জনপ্ৰতিনিধি অথবা চৰকাৰৰ কোনো বিষয়াই এই গাওঁখনক গুৰুত্ব নিদিলে । এতিয়া গাওঁখনৰ ৰাইজে নদীৰ বুকুৰে অহা যোৱা কৰিব লগীয়া হৈছে । স্থানীয় ৰাইজে চৰকাৰক অনুৰোধ জনাইছে অতি শীঘ্ৰে এই দলংখনৰ সমস্যা সমাধান কৰিবলৈ ।

Related Articles

Leave a Reply

Close