অসম

ঢকুৱাখনাৰ ঘিলামৰাত পুনৰ বাল্যবিবাহ

প্ৰথম খবৰ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত ঘিলামৰাত বাল্যবিবাহ । এজন চৰকাৰী গাঁওবুঢ়াক আটক কৰিছে ঘিলামৰা আৰক্ষীয়ে । যি সময়ত মানুহে নিজকে শিক্ষিত বুলি গৌৰৱ কৰে ঠিক তেনে সময়তে ঢকুৱাখনা মহকুমাৰ ঘিলামৰা থানাৰ অন্তৰ্গত ৰূপহী অঞ্চলত বাল্যবিবাহ সম্পন্ন হোৱাত গাঁওখনত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক এজন চৰকাৰী লাট গাঁওবুঢ়া পূৰ্ণানন্দ গগৈৰ সহযোগত দশম শ্ৰেণীৰ ছাত্ৰৰ সৈতে ঘৰুৱা প্ৰথাৰে বিবাহত বহোৱাৰ কাৰ্যত গাঁওখনৰ ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

 

Related Articles

Leave a Reply

Close