অসমআন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

ঢাকাত সন্মানিত প্ৰথম খবৰৰ সাংবাদিক, অসমৰ গঁড় হত্যাক লৈ উদ্বিগ্ন বাংলাদেশ

নিউজ ডেক্স, প্ৰথম খবৰ: আজি ঢাকা গাজিপুৰৰ লিবাস টেক্সটাইল লিমিটেডৰ কাৰখানাত প্ৰথম খবৰৰ সাংবাদিক আব্দুল হাইক সন্মানিত কৰা হয়। উদ্যোগটোৰ মহাপ্ৰবন্ধক শ্বহিদুল ইছলামে আদৰণি জনায় সাংবাদিকজনক। উল্লেখ্য যে বিভিন্ন ধৰণৰ পোছাক তৈয়াৰ কৰা কাৰখানাটোত দেশখনৰ ৫ সহস্ৰাধিক কৰ্মচাৰী দৈনিক কাম কৰে।ইয়াত তৈয়াৰ কৰা পোছাক ভাৰত, পাকিস্তান, অষ্ট্ৰেলিয়া, জাপান, আফগানিস্তানকে ধৰি ২০খনৰো অধিক ৰাষ্ট্ৰত যোগান ধৰা হয়।  ইফালে কাৰখানাটোত অসমৰপৰা যোৱা সাংবাদিকজনক লগ পাই গৌৰৱ অনুভৱ কৰাৰ লগতে একাংশই অসমীয়া ভাষাত কথা পাতিবলৈ চেষ্টা কৰা দেখা যায়। উদ্যোগটোৰ কৰ্মচাৰীসকলে অসমত হোৱা সঘনাই গঁড় হত্যাৰ বিষয়েও দুখ প্ৰকাশ কৰি পুনৰ যাতে এনে ঘটনা নহয় তাৰ বাবে অনুৰোধ কৰে।

শ্বহিদুল ইছলামৰ সৈতে প্ৰথম খবৰৰ সাংবাদিক আব্দুল হাই

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close