অসম

তেজপুৰত ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ

প্ৰথম খবৰ,তেজপুৰৰ,১৯ মে : তেজপুৰৰ ঔগুৰি পাহাৰত এগৰাকী যুৱতী ধৰ্ষণৰ চেষ্টা চলোৱা এজন লোকক আৰক্ষীয়ে আজি আটক কৰিৱলৈ সক্ষম হয় । উল্লেখ্য যে ঔগুৰিৰ নিকটৱতী অঞ্চলৰ এগৰাকী ১৫ বছৰীয়া যুৱতীক ৰাজ কুমাৰ চাহানি নামৰ লোক এজনে মটৰ চাইকেলত উঠাই নি ঘৰত কোনো নথকাৰ সুযোগতে বলপূৰ্বকভাৱে ধৰ্ষণ কৰে । যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰাত ধৰ্ষণকাৰী পলাই যায় । আৰক্ষীৰ ওচৰত দিয়া এজাহাৰৰ ভিত্তিত লালমাটী আৰক্ষীয়ে শিয়ালমাৰি অঞ্চলৰ এজন লোকৰ ঘৰৰ পৰা শুই থকা অৱস্থাত আৰক্ষীয়ে আটক কৰিৱলৈ সক্ষম হয় ধৰ্ষণকাৰীজনক। লোকজনক আৰক্ষীয়ে আজি জেল হাজোতলৈ প্ৰেৰণ কৰে ।

Related Articles

Leave a Reply

Close