অসম

দলংঘাটত অঘাটপ্ৰাপ্ত অৱস্থাত লটামাকৰি বাঘ উদ্ধাৰ

প্ৰথম খবৰ, বটদ্ৰৱা: বটদ্ৰৱাৰ সমীপৱৰ্তী দলংঘাটৰ ইটাকলি ঘাট অঞ্চলত আজি বিয়লি এটা বিৰল প্ৰজাতিৰ লটামাকৰি বাঘ উদ্ধাৰ হয়। জানিব পৰা মতে, অঞ্চলটোৰ নোৰ ইছলাম নামৰ ব্যক্তি জনৰ ঘৰৰ পিছফালৰ পৰা ডিঙিত আঘাটপ্ৰাপ্ত অৱস্থাত বাঘটো উদ্ধাৰ কৰে। তৎকালীনভাৱে অঞ্চলৰ ৰাইজৰ তৎপৰতাত বাঘটোৰ চিকিৎসা আৰু সংৰক্ষণৰ বাবে বন বিভাগক খবৰ দিয়া হয় আৰু কেইবা ঘণ্টাৰ পিছত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বাঘটো উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসাৰ অন্তত অসম ৰাজ্যিক চিৰিয়াখানা লৈ প্ৰেৰণ কৰে। অঞ্চলটোত এতিয়াও আৰু কেইবাটাও একে প্ৰজাতিৰ বাঘ থকা বুলি আশংকা প্ৰকাশ কৰা স্থানীয় ৰাইজৰ মাজত চাঞ্চল্য অব্যাহত আছে।

Related Articles

Leave a Reply

Close