অসম

দুধনৈত গাঁওভূমিৰ ব্যৱস্থাপনা আৰু সংৰক্ষণ সম্পৰ্কে সভা

প্ৰথম খবৰ,দুধনৈ: দুৰ্যোগ ব্যৱস্থাপনাৰ দিশে সমাজৰ পথ প্ৰদৰ্শক হিচাবে চৰকাৰৰ নিৰ্দেশমৰ্মে দুধনৈ থেকাচু মৌজাৰ অন্তৰ্গত থেকাচু প্ৰথম দ্বিতীয় আৰু তৃতীয় খণ্ডক লৈ গঠন হোৱা গাওঁ ভূমি ব্যৱস্থাপনা আৰু সংৰক্ষণ সমিতিৰ লগত দুধনৈ ৰাজহ চক্ৰ কাৰ্যালয়ত চক্ৰ বিষয়াৰ আহ্বান মৰ্মে এখন সভা অনুস্থিত হৈ যায়। সভাত চক্ৰ বিষয়া উৰ্মি মেধীয়ে গাওঁ ভূমিৰ ব্যৱস্থাপনা আৰু সংৰক্ষণ সম্পৰ্কে চৰকাৰে নতুন নীতি নিৰ্দেশনা সম্পৰ্কত বিশদভাৱে ব্যাখ্যা দাঙি ধৰে। সভাত প্ৰজেক্টৰৰ সহায়ত গাওঁৰ ভূমি ভাগ কেনেদৰে সংৰক্ষণ কৰিব লাগে সেই বিষয়ে কপিল কলিতাই উপস্থিত ৰাইজক বিশদ ভাৱে অৱগত কৰে। সভাত থেকাচু তিনিওটা খণ্ডৰ ৰাইজ আৰু চক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল, কাননগো সকল উপস্থিত থাকে। সভাৰ শেষত দুধনৈ থেকাচু মৌজাই গঠন কৰি দিয়া VLMCC কমিটি খন অনুমোদনৰ বাবে চক্ৰ বিষয়ালৈ প্ৰেৰন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close