অসম

দেওমৰনৈত মৰ্মান্তিক ঘটনা

প্ৰথম খবৰ, দেওমৰনৈ, দৰং: দৰং জিলাৰ দেওমৰনৈ ভূড়াৰগৰত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে । দেওমৰনৈ ভূড়াৰগৰ ৰ নিবাসী পদুমী ডেকা ৫৫ বছৰ বয়সৰ মহিলা এগৰাকী পুত্ৰৰ লগত পালচাৰ বাইকেৰে জীয়েকৰ ঘৰলৈ গৈছিল কলাইগাঁৱৰ টেঙাবাৰীলৈ  । বাইকৰ পৰা  পৰি মহিলা গৰাকী গুৰুতৰ আঘাত হয়। ততাতৈয়াকৈ মংগলদৈ চিকিৎসালয়লৈ নিয়ে যদিও মংগলদৈৰ পৰা গুৱাহাটীলৈ প্ৰেৰন কৰে। আজি গুৱাহাটী চিকিৎসালয়ত মৃত্যুক সাৱতি লয় মহিলা গৰাকীয়ে । মহিলা গৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে । লগতে মহিলাগৰাকীৰ পুত্ৰৰো আঘাত হয় বৰ্তমান চিকিৎসাধীন হৈ আছে পুত্ৰ জন । মহিলাগৰাকীয আকস্মিক মৃত্যুত বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানে শোক প্ৰকাশ কৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close