অসম

ধলাগাঁৱৰ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৩ জনলৈ বৃদ্ধি

প্ৰথম খবৰ,বঙাইগাঁও: বঙাইগাঁৱৰ ধলাগাঁৱত যোৱা ৭ মে’ত কইনাক আঙঠি পিন্ধাবলৈ অহাৰ পথতে সংঘটিত হোৱা পথ দুৰ্ঘটনাত আজি মৃতকৰ সংখ্যা ৩ জনলৈ বৃদ্ধি পালে ৷ বঙাইগাঁৱৰ ল’ৱাৰ আছাম হাস্পতালত চিকিৎসাধীন হৈ থকা চিতেশ্বৰ ৰায়(৫৬)ৰ আজি বিয়লি মৃত্যু হয় ৷ ঘটনাৰ দিনাই পুষ্পেশ্বৰ ৰায়(৬৩) আৰু হৰেন চন্দ্ৰ বৰ্মন(৬০)ৰ মৃত্যু হৈছিল৷ ইয়াৰে পুষ্পেশ্বৰ আছিল দৰাৰ মোমায়েক ৷ আনহাতে আজি মৃত্যু হোৱা চিতেশ্বৰো দৰাৰ মোমায়েক ৷ দুই ভাতৃৰ মৃত্যুত শোকাকুল পৰিবেশে বিৰিজ কৰিছে ৷

Related Articles

Leave a Reply

Close