অসমশীৰ্ষ

কণীৰ বাবে বিখ্যাত ধেমাজিৰ এখন গাওঁ

ধেমাজিৰ পৰা বিজন শৰ্মা,১৩ মে’: কুকুৰা পালনৰে স্বাৱলম্বী হোৱা ধেমাজিৰ এখন গাওঁ, য’ত ৮৪ ঘৰ মানুহৰ ৬৪ ঘৰেই পোঁহে উন্নতমানৰ কণী পৰা কুকুৰা ৷ ধেমাজিৰ এই গাওঁখন নাম হৈছে গুটুঙ হাঁহচৰা ৷ গাওঁখনৰ ৮৪ ঘৰ মানুহৰ ৬৪ ঘৰ মানুহৰে আছে উন্নত মানৰ Rainbow Star নামৰ প্ৰজাতিৰ কুকুৰা ৷ গাওঁখনৰ প্ৰায় প্ৰতিঘৰতে ১০ ৰ পৰা ৩৫ টা পৰ্যন্ত এই বিশেষ প্ৰজাতিৰ কুকুৰা আছে ৷ ধেমাজিৰ কণী গাওঁ হিচাবে চিহ্নিত তিনিখন গাওঁ নিলখ, চৌখাম টিং আৰু গুটুঙ হাঁহচৰাৰ অন্যতম হ’ল এই গাওঁখন ৷
২০১৬ চনত গুটুঙ হাঁহচৰা গাৱঁৰ মূলাগাভৰু আত্ম সহায়ক গোটৰ মহিলাসকলে Rainbow Star প্ৰজাতিৰ কুকুৰা কিনি আনে আৰু তেতিয়াৰে পৰা গাওঁ খনত আৰম্ভ হয় স্বাৱলম্বনৰ এক সুদূৰ প্ৰসাৰী আন্দোলন ৷ মাত্ৰ এটা বছৰৰ ভিতৰতে স্বাৱলম্বিতাৰ ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিবলে সক্ষম হ’ল গাওঁখন ৷ এজনী কুকুৰাই ডেৰ বছৰ পৰ্যন্ত কণী পৰাৰ সক্ষমতা থকা এই কুকুৰাৰ কণী বিক্ৰী কৰি গুটুঙ হাঁহচৰা গাঁৱৰ প্ৰায় প্ৰতিঘৰতে মাহেকত উপাৰ্জন হয় চাৰিৰ পৰা ছয় হাজাৰ টকা ৷ তাৰ বিপৰীতে খৰচৰ পৰিমান পেলনীয়া ভাত আৰু বাৰীৰ কেচু-কুমটি ৷
যি সময়ত জীৱিকাৰ সন্ধানত যুবক সকল ৰাজ্যৰ বাহিৰলৈ যাব ধৰিছে সেই সময়ত ধেমাজিৰ মৰিধলৰ গুটুঙ হাঁহচৰা গাৱঁত আৰম্ভ হোৱা স্বাৱলম্বনৰ এই আন্দোলন নিসন্দেহে এক আদৰ্শ ৷ কেৱল কুকুৰা পালনৰে স্বাৱলম্বনৰ আদৰ্শ দেখুৱা গুটুঙ হাঁহচৰাবাসীৰ বাবে সমস্যা হৈ পৰিছে পোৱালী উৎপাদন ৷ পৰিৱৰ্তনকামী চৰকাৰে এই গাওঁখনৰ এই সমস্যাৰ প্ৰতি নজৰ দিলে ৰাইজ উপকৃত হ’ব৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close