অসম

ধ্বংসস্তুপত পৰিণত গণকপাৰাৰ নলীনাদ

প্ৰথম খবৰ, চেঙা: বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত গণকপাৰাৰ গভীৰ নলীনাদটো ধ্বংসস্তুপত পৰিণত হৈছে। প্ৰায় ২৫বছৰ ধৰি কৃষকে এই নলীনাদৰ পৰা এটোপাও পানী খেতিত দিব পৰা নাই। এতিয়া এই নলীনাদটো এৰাবাৰীত পৰিণত হৈছে। হাবি-জংঘলে আৱৰি ধৰিছে নলীনাদটো। নলীনাদটোৰ সা-সৰঞ্জামো ধ্বংস হৈ পৰিছে। অতি সোনকালেই এই গভীৰ নলীনাদটো মেৰামতি কৰি খেতিত পানী দিয়াৰ উপযোগী কৰি তুলিবলৈ স্থানীয় লোকে বিভাগীয় কতৃপক্ষৰ ওচৰত দাবী জনায়।

Related Articles

Leave a Reply

Close