অসম

নলবাৰীত আৰক্ষীৰ অভিযানত ৩১ টা চোৰাং গৰু জব্দ

প্ৰথম খবৰ,নলবাৰী: নলবাৰী আৰক্ষীৰ অভিযানত বৰকুৰাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰে অবৈধ ভাৱে নি থকা গৰু ভৰ্ত্তি তিনিখন পিকআপ ভান জব্দ ৷ AS01G-0902, AS06AC-6964 আৰু AS25AC-7731 নম্বৰৰ গাড়ী কেইখনৰে ৩১ টা গৰু বাক্সা জিলাৰ কুমাৰীকাটাৰ পৰা নলবাৰী জিলাৰ মুকালমুৱালৈ লৈ গৈ আছিল এই গৰুবোৰ তিনিজন সৰবৰাহকাৰীয়ে। আনহাতে,দীৰ্ঘদিন ধৰি কাছেদ আলী, হুচান আলী আৰু ৰফিক আলী নামৰ এই তিনি গৰু সৰবৰাহকাৰীয়ে জিলাখনৰ মাজেৰে অৱৈধভাৱে গৰু সৰবৰাহ কৰি আহিছিল। আনহাতে,আৰক্ষীৰ এই অভিযানক আদৰণি জনাইছে বজৰং দলে। লগতে উক্ত পশুধন সমূহ যাতে কোনো কাৰণতে এৰি নিদিয়ে তাৰে আহ্বান জনাইছে সংগঠনটোৱে। উল্লেখ্য যে,কিছুদিন পূৰ্বেও উক্ত গাড়ী তিনিখনেৰে অবৈধ ভাৱে গৰু সৰবৰাহ কৰি থাকোতে বজৰং দলে কৰায়ত্ব কৰি নলবাৰী আৰক্ষীক গটাই দিছিল যদিও পৰৱৰ্তী সময়ত মুকলি হৈ পুনৰ আজি অবৈধভাৱে গৰু সৰবৰাহ কৰি আৰক্ষীৰ জালত পৰে।

Related Articles

Leave a Reply

Close