অসম

নলবাৰীত ৪ চোৰ আটক

প্ৰথম খবৰ, নলবাৰী: আজি আবেলি নলবাৰীৰ বৰকুৰিহাত চাৰি গৰাকী চোৰক ৰাইজে আটক কৰি উত্তম মাধ্যম দি আৰক্ষীক গতাই দিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি অঞ্চলটোৰে বসন্ত ভূঞা, কল্প কলিতা, দিগন্ত কলিতা, দিপু কলিতা আৰু হৰেণ কলিতাই দীৰ্ঘদিনৰ পৰাই অঞ্চলটোত শিক্ষানুষ্ঠান বিভিন্ন সামগ্ৰী আৰু পৰিয়াল সমূহৰ বৈদ্যুতনিক মটৰ ( পানী উত্তোলন মেচিন ) চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।  নিশাও অঞ্চলটোৰ এখন শিক্ষানুষ্ঠানৰ কলিতাৰচিলিং ফেন খুলিব ধৰোতে ৰাইজে গম পোৱাত লগে লগে চোৰ চাৰি গৰাকী পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু চোৰৰ দলটোৰ দিগন্ত কলিতাৰ বৈদ্যুতনিক সামগ্ৰী লোহাৰ প্লাছ ডাল ৰৈ যায় আৰু উক্ত প্লাছ ডালত দিগন্তৰ নাম লিখা আছে। সেই সূত্ৰে আজি ৰাইজে দিগন্তক আটক কৰি উত্তম মাধ্যম দিয়াত দিগন্তই বাকী কেইজনৰ নাম প্ৰকাশ কৰে। অৱশেষত ৰাইজে বাকী তিনিজনক ধৰি উত্তম মাধ্যম দি আৰক্ষীক গটাই দিয়ে যদিও হৰণে কলিতা নামৰ চোৰ জন পলাই যায় বুলি জনা গৈছে।

Related Articles

Leave a Reply

Close