অসম

নলবাৰীত বিধায়কৰ আধাৰশিলাৰ ফলক ভাঙিলে দূৰ্বৃত্তই

প্ৰথম খবৰ,নলবাৰী: নলবাৰী জিলাৰ বাঁহজানীত কালি নিশা নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাৰ এখন আধাৰশিলাৰ ফলক কোনো দুৰ্বৃত্তই ভাঙি পেলোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখযোগ্য যে কালি দিনৰ ভাগত বিধায়ক গৰাকীয়ে মধ্য বাহঁজানী এলেকাৰ নিজবাহঁজানীৰ এটা পথ এম জি এনৰেগা আঁচনিৰ অধীনত আধাৰশিলা স্থাপন কৰিছিল ৷ লগতে আন পাঁচখন আঁচনিৰো আধাৰশিলা স্থাপন কৰে ৷ কিন্তু উল্লিখিত পথটোৰ আধাৰশিলাৰ ফলকখন যোৱা নিশা দুৰ্বৃত্তই ভাঙি পেলাই! অঞ্চলটোৰ সচেতন মহলে তীব্ৰ গৰিহণা দি এনে নিকৃষ্ট কৰ্মক হতাশাগ্ৰস্ত লোকে কৰা বুলি প্ৰকাশ কৰে ৷

Related Articles

Leave a Reply

Close